নতুন দিল্লী, ৪ নৱেম্বৰ ঃ ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰী তথা সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে বুধবাৰে পুৱাই এটা পুৰণি গোচৰৰ আধাৰত গ্ৰে...
নতুন দিল্লী, ৪ নৱেম্বৰ ঃ ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰী তথা সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে বুধবাৰে পুৱাই এটা পুৰণি গোচৰৰ আধাৰত গ্ৰেপ্তাৰ কৰে। মুম্বাই আৰক্ষীয়ে কাহিলিপুৱাই মুম্বাইস্থিত অৰ্ণৱ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰে। অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে এগৰাকী ইেণ্টৰিয়ৰ ডিজাইনাৰক আত্মহত্যা কৰিবলৈ উচটনি দিয়াৰ এক গোচৰ আছে। সেই গোচৰৰ আধাৰতেই মুম্বাই আৰক্ষীয়ে জ্যেষ্ঠ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ২০১৮ত এগৰাকী ইেণ্টৰিয়ৰ ডিজাইনাৰ অন্বয় নায়ক আৰু তেওঁৰ মাতৃক আত্মহত্যা কৰিবলৈ উচটনি দিয়াৰ অভিযোগ আছে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে। এইগৰাকী ইেণ্টৰিয়ৰ ডিজাইনাৰে আত্মহত্যাৰ পূৰ্বে লিখি থৈ যোৱা টোকাত অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে অভিযোগ তুলি উল্লেখ কৰিছিল যে ৰিপাব্লিক নেটৱৰ্কৰ ষ্টুডিঅ’ৰ ইেণ্টৰিয়ৰ ডিজাইনাৰৰ কাম সমাপন হোৱাৰ পিছত প্ৰাপ্যৰ ধন পৰিশোধ কৰাৰ পৰা বিৰত আছিল।
এই আত্মহত্যাৰ গোচৰৰ ভিত্তিতেই মুম্বাই আৰক্ষীয়ে আই পি চিৰ ধাৰা ৩০৬ৰ আধাৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে। ৰিপাব্লিক টিভিয়ে মুম্বাই আৰক্ষীৰ এই কাৰ্যক গৰিহণা দিয়াৰ উপৰি উল্লেখ কৰিছে যে বন্ধ হোৱা এটা গোচৰ পুনৰ মুকলি কৰি অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই সমগ্ৰ দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এটা পক্ষই যদি মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা কাৰ্যৰ শলাগ লৈছে, আনটো পক্ষই আকৌ ইয়াৰ বিৰোধিতা কৰিছে। মুম্বাই আৰক্ষী আৰু অৰ্ণৱ গোস্বামীৰ মাজত যোৱা কিছুদিন ধৰি সংঘাত চলি আছে। অৰ্ণৱ গোস্বামীয়ে মুম্বাই আৰক্ষীক প্ৰত্যাহবানো জনাইছিল যে সাহস আছে যদি তেওঁক গ্ৰেপ্তাৰ কৰি দেখুৱাওক। কিন্তু আজি পুৱাই মুম্বাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
যোৱা ছেপ্টেম্বৰ মাহত ৰিপাব্লিক টিভিৰ সম্পাদক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে বিশেষ অধিকাৰ হননৰ প্ৰস্তাৱ মহাৰাষ্ট্ৰ বিধানসভাত উত্থাপন কৰা হৈছিল। আৰু সেই প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হৈছিল। ইয়াৰ পিছতে আশংকা কৰা হৈছিল যে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ চৰকাৰে শীঘ্ৰে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে এই প্ৰস্তাৱ বিধানসভাত গৃহীত হোৱাৰ পিছত প্ৰকাশ কৰিছিল যে ইেণ্টৰিয়ৰ ডিজাইনাৰগৰাকীৰ আত্মহত্যা গোচৰৰ তদন্ত পুনৰায় আৰম্ভ হ’ব। অৰ্ণৱ গোস্বামীক সাঙুৰি তদন্ত চলোৱা হ’ব বুলি উল্লেখ কৰিছিল। সেই ভিত্তিতেই মহাৰাষ্ট্ৰ আৰক্ষীয়ে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰিছে। ৰিপাব্লিক টিভিয়ে প্ৰকাশ কৰা অনুসৰি মুম্বাই আৰক্ষীৰ এটা দল অৰ্ণৱ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ তেওঁক আৰক্ষীৰ বাহনত উঠাই লৈ যায়।
অৰ্ণৱ গোস্বামীয়ে আৰক্ষীৰ বাহনত উঠাৰ সময়ত অভিযোগ তুলি কয় যে মুম্বাই আৰক্ষীয়ে তেওঁক আৰু তেওঁৰ পত্নী, পুত্ৰ আৰু শাহু-শহুৰক টনা-আঁজোৰা কৰে। কিন্তু মুম্বাই আৰক্ষীয়ে এই সম্পৰ্কে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছে। অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে টুইটাৰৰ জৰিয়তে এই কাৰ্যক গৰিহণা দিয়ে আৰু তেওঁ কয় যে জৰুৰীকালীন সময়ৰ কথা মনত পেলালে। তেওঁ উল্লেখ কৰে যে মুম্বাই প্ৰেছ আৰু সাংবাদিকৰ ওপৰত যি আক্ৰমণ হৈছে সেয়া নিন্দনীয়। এয়া এক গৰিহণাৰ যোগ্য। একেদৰে অভিনেত্ৰী কংগনা ৰানাৱতেও মুম্বাই আৰক্ষীৰ কাৰ্যক গৰিহণা দিয়ে।
কেৱল কংগনা ৰানাৱতেই নহয়, কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, অসমৰ মুখ্যমন্ত্ৰীয়েও মুম্বাই আৰক্ষীৰ এই কাৰ্যক গৰিহণা দিয়ে। উল্লেখ্য যে অৰ্ণৱ গোস্বামীৰ অধিবক্তাই দাবী কৰিছে যে সাংবাদিকগৰাকীক মুম্বাই আৰক্ষীয়ে বেেŒটৰে কোবাইছে। তেওঁক গ্ৰেপ্তাৰৰ বিষয়ে তেওঁৰ পত্নীকো অৱগত কৰা নাছিল মুম্বাই আৰক্ষীয়ে।
No comments