Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বায়ু প্ৰদূষণে ভাবুকি কঢ়িয়াই আনিছে দিল্লীবাসীলৈঃফতকা নিষিদ্ধৰ পিছতো বিপদজনক স্থিতিত দিল্লীৰ বায়ুমণ্ডল

নতুন দিল্লী, ১৪ নৱেম্বৰ ঃ ৰাজধানী দিল্লীত এই বৰ্ষত দীপাৱলী উৎসৱত ফটকা  নিষিদ্ধ ঘোষণা কৰাৰ পিছতো ৰাজধানীৰ বায়ু প্ৰদূষণে বিপদ কঢ়িয়াই আনিছে দিল...

নতুন দিল্লী, ১৪ নৱেম্বৰ ঃ ৰাজধানী দিল্লীত এই বৰ্ষত দীপাৱলী উৎসৱত ফটকা  নিষিদ্ধ ঘোষণা কৰাৰ পিছতো ৰাজধানীৰ বায়ু প্ৰদূষণে বিপদ কঢ়িয়াই আনিছে দিল্লীবাসীলৈ। বিপজ্জনক স্থিতিত অৱস্থান কৰিছে দিল্লীৰ বায়ুমণ্ডলে। অভাৱনীয় হাৰত দিল্লীৰ বায়ুমণ্ডল প্ৰদূষিত হৈছে। দিল্লীৰ বায়ু প্ৰদূষণৰ স্তৰ ‘পি এম ২.৫’ হৈছেগৈ। পঞ্জাব তথা হাৰিয়াণাৰ কৃষিপথাৰত নৰা-খেৰ জ্বলোৱাৰ বাবেই দিল্লীৰ বায়ুমণ্ডল প্ৰদূষিত হৈছে বুলি বিভিন্নজনে প্ৰকাশ কৰিছে। সাধাৰণতে দীপাৱলীৰ পিছতে দিল্লীৰ বায়ু অভাৱনীয় হাৰত প্ৰদূষিত হয়। কিন্তু এইবাৰ দীপাৱলীৰ দিনাই দিল্লীৰ বায়ু প্ৰদূষিত হৈছে। 

এই প্ৰদূষিত বায়ুৱে দিল্লীবাসীলৈ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। স্থানীয় লোকসকলে উল্লেখ কৰিছে যে প্ৰদূষিত বায়ুৰ বাবে শ্বাস-নিশ্বাসত কষ্টৰ অনুভৱ হৈছে। চকুৰ জ্বলন-পোৰণ আৰম্ভ হৈছে। এনেদৰে যদি দিল্লীৰ বায়ুমণ্ডল প্ৰদূষিত হৈ থাকে তেন্তে কিমান দিনলৈ দিল্লীবাসী জীয়াই থাকিব বুলি বিভিন্নজনে উল্লেখ কৰিছে। বিশেষকৈ শিশুসকলৰ স্বাস্থ্য-জীৱনলৈ প্ৰদূষিত বায়ুৱে ভাবুকি কঢ়িয়াই আনিছে। বিগত বৰ্ষত বায়ু প্ৰদূষণৰ বাবে ১ লাখ ১৬ হাজাৰ লোকৰ প্ৰাণ হানি হৈছে ভাৰতত। এনেদৰেই বছৰি লাখ লাখ লোকৰ বায়ু প্ৰদূষণৰ বাবে প্ৰাণ হানি হৈছে ভাৰতত।

No comments