নতুন দিল্লী, ২২ নৱেম্বৰ ঃ কংগ্ৰেছৰ অন্তৰ্কন্দল এতিয়া তুংগত। কংগ্ৰেছৰ ভিতৰচ’ৰাত চলা বিষম্বাদে এতিয়া দলটোৰ নেতা-কৰ্মীক প্ৰভাৱিত কৰিছে। এজনৰ পি...
নতুন দিল্লী, ২২ নৱেম্বৰ ঃ কংগ্ৰেছৰ অন্তৰ্কন্দল এতিয়া তুংগত। কংগ্ৰেছৰ ভিতৰচ’ৰাত চলা বিষম্বাদে এতিয়া দলটোৰ নেতা-কৰ্মীক প্ৰভাৱিত কৰিছে। এজনৰ পিছত আন এজনকৈ দলটোৰ জ্যেষ্ঠ নেতাই নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিবলৈ ধৰিছে। কোনোধৰণৰ কুণ্ঠাবোধ নকৰাকৈ নেতৃত্বৰ বিৰুদ্ধে এতিয়া মুকলিকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে মাত মাতিব ধৰিছে। বিহাৰত কংগ্ৰেছৰ শোচনীয় অৱস্থাৰ পিছতেই আৰম্ভ হোৱা অন্তৰ্কন্দল এতিয়া তুংগত। বিহাৰত কংগ্ৰেছৰ শোচনীয় ফলাফলৰ পিছত প্ৰথমবাৰলৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল সিবালে নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছিল। তেওঁ মুকলিকৈ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে মাত মাতি প্ৰকাশ কৰিছিল যে কংগ্ৰেছৰ পৰাজয় এতিয়া স্বাভাৱিক ঘটনা।
ইয়াৰ পিছতেই দলৰ জ্যেষ্ঠ নেতাসকলে কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছে। কপিল সিবালৰ পিছত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদেও নাম উচ্চাৰণ নকৰাকৈ নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছে। তেওঁ কৈছে যে পঞ্চতাৰকা হোটেলত বহি নিৰ্বাচনত যুঁজ দিব পৰা নাযায়। কংগ্ৰেছে এতিয়া সবাতোকৈ নিম্নস্তৰত অৱস্থান কৰিছে। দলৰ কৰ্মীসকলৰ সৈতে সম্পৰ্ক ছিগিছে জ্যেষ্ঠ নেতাসকলৰ। ব্লক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে জ্যেষ্ঠ নেতাসকলৰ সম্পৰ্ক ছিগিছে। যেতিয়া দলৰ কোনো কৰ্মীক নেতৃত্ব দিয়া হয়, তেতিয়া দলীয় পেডত লিখিয়ে শীৰ্ষ নেতৃত্বই দায়িত্ব সামৰে। এইটো দলৰ ডাঙৰ সমস্যাৰূপে দেখা দিছে।
উল্লেখ্য যে সম্ভৱতঃ অহা মাহত কংগ্ৰেছৰ অধ্যক্ষ পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ অধ্যক্ষ পদৰ নিৰ্বাচনক লৈ বিবাদৰ সৃষ্টি হৈছিল। কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি নিৰ্বাচন সম্পৰ্কে বিষোদগাৰ প্ৰকাশ কৰিছিল। পুনৰ এবাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই দলটোৰ ভিতৰত অন্তৰ্কন্দল আৰম্ভ হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি কপিল সিবালকে ধৰি দলটোৰ প্ৰায় ২৫গৰাকী নেতাই ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰ প্ৰেৰণৰ পিছতেই দলৰ নেতাসকলে কোনো সদুত্তৰ লাভ কৰা নাছিল। তাৰ বিপৰীতে দলটোৰ নেতৃত্বৰ পৰা তেওঁলোকে অপমানহে পাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল।
No comments