Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিলচৰত পাকিস্তান জিন্দাবাদৰ ভুৱা প্ৰচাৰঃ ফেচবুকে প্ৰমাণ কৰিলে মন্ত্ৰী হিমন্তৰ মিথ্যাচাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ নৱেম্বৰ ঃ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি ক্ৰমাৎ তুংগত হৈ অহা পৰিলক্ষিত হৈছে। এফা...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ নৱেম্বৰ ঃ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি ক্ৰমাৎ তুংগত হৈ অহা পৰিলক্ষিত হৈছে। এফালে যদি মোগল খেদা ৰাজনীতি, আনফালে মিঞাৰ লুঙী। বিজেপিয়ে হিন্দু ভোটাৰক আকৰ্ষিত কৰিবলৈ এটাৰ পিছত এটাকৈ ৰাজনৈতিক কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা পোষ্টে ৰাজ্যৰ ৰাজনীতিত ব্যাপক খলকনিৰ সৃষ্টি কৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলচৰত পাকিস্তান জিন্দাবাদ দিয়া বুলি নিজৰ ফেচবুক পোষ্টৰ জৰিয়তে এটা ভিডিঅ’ আপলোড কৰিছে। এআইইউডিএফৰ মুৰববী বদৰুদ্দিন আজমল শিলচৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে একাংশ সমৰ্থকে ‘পাকিস্তান জিন্দাবাদ’ ধবনি দিয়া বুলি নিজৰ ফেচবুক পেজত ভিডিঅ’ আপলোড কৰিছে হিমন্ত বিশ্ব শৰ্মাই।

 নিজৰ ফেচবুক পেজত ভিডিঅ’টো আপলোড কৰি পাকিস্তান জিন্দাবাদ দিয়াসকলক মৌলবাদী আখ্যা দিয়াৰ লগতে ইয়াৰ সৈতে কংগ্ৰেছকো সাঙুৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত দিয়া পোষ্টৰ ওপৰত বিভিন্ন সংবাদ প্ৰতিষ্ঠানে বাতৰি প্ৰচাৰ কৰিছে। উল্লেখ্য যে পৰৱৰ্তী সময়ত শিলচৰৰ সাংসদ ডাঃ ৰাজীৱ ৰয়ে এই সন্দৰ্ভত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। কিন্তু পৰৱৰ্তী সময়ত বহুকেইটা ৰাষ্ট্ৰীয় সংগঠন আৰু প্ৰচাৰ মাধ্যমে ভিডিঅ’টোক লৈ সত্যৰ অনুসন্ধান কৰে, য’ত স্পষ্টভাৱে ওলাই পৰে যে এয়া পাকিস্তান জিন্দাবাদ নহয়, আজিজ খান জিন্দাবাদ ধবনিহে। লক্ষণীয় যে ফেচবুকে হিমন্ত বিশ্ব শৰ্মাৰ পোষ্টটো আজি ভুৱা বুলি প্ৰমাণ কৰি ফেচবুক পেজত ফেক ফাইণ্ডাৰ লেবেল ওলমাই ৰাখে।

 অৰ্থাৎ ভিডিঅ’টো প্ৰথমতে খোলাৰ পূৰ্বে এয়া সত্য নে অসত্য সেই সন্দৰ্ভত ফেচবুকে অনুসন্ধান কৰিবলৈ ফল’ৱাৰসকলক আহবান জনায়। ফেচবুকৰ ইণ্ডিপেণ্ডেণ্ট ফেক চেকাৰে পৰীক্ষা-নিৰীক্ষা কৰি ইয়াক ভুৱা বুলি প্ৰমাণ কৰাৰ পিছতে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। কিয়নো সততে এটা বিশেষ গোষ্ঠীক লৈ সৰৱ হৈ পৰা বিজেপিৰ তথাকথিত মিথ্যাচাৰ বিশ্বাসযোগ্য বিশ্বমানৰ প্ৰতিষ্ঠান এটাই কাৰিকৰীভাৱে প্ৰমাণ কৰাৰ পিছতে সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছতে অসমত ৩.২৮ লাখ জনতাৰ অন্যতম বিশ্বাসযোগ্য ব্যক্তি হিমন্ত বিশ্ব শৰ্মাই এনে এটা ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ পিছত সাধাৰণ ৰাইজৰ বিশ্বাস কোন স্তৰত থাকিব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

 লক্ষণীয় যে বিজেপিয়ে সততে এটা বিশেষ জনগোষ্ঠীক লক্ষ্য কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লগতে শেহতীয়াকৈ ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে। চাৰে চাৰি বছৰীয়া বিফলতাসমূহ ঢাকিবলৈ শাসনাধিষ্ঠিত দলটোৱে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰি ডিভাইড এণ্ড ৰুল পলিচী আৰম্ভ কৰিছে। আনকি বিজেপি আৰু আৰএছএছৰ পৃষ্ঠপোষকতাত জন্ম হোৱা অত্যাধুনিক পণ্ডিত সত্যৰঞ্জন বৰাই এই ধৰ্মীয় মেৰুকৰণ ৰাজনীতিক আৰু সুদৃঢ় কৰাৰ স্বাৰ্থত আজি মাইকযোগে আজান বন্ধ কৰাৰ বাবে আহবান জনোৱা পৰিলক্ষিত হৈছে। তেনে সময়ত বিজেপিয়ে যে মিথ্যাচাৰৰ আশ্ৰয় লৈ ভুৱা প্ৰচাৰেৰে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে সেয়া ফেচবুকে ৰাজ্যৰ অন্যতম ক্ষমতাশালী মন্ত্ৰী তথা বিজেপিৰ শীৰ্ষনেতা হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্টৰ ওপৰত লগোৱা ফেক ফাইণ্ডিঙে প্ৰমাণ কৰিছে। 

No comments