Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈলৈ যোৰহাটবাসীৰ শ্ৰদ্ধাঞ্জলি

গণবাৰ্তা বিশেষ,যোৰহাট ,২৪ নবেম্বৰ  : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত যোৰহাটত অব্যাহত আছে শোকৰ বন্যা । তেখেতৰ আত্মাৰ সদগতি আৰু চিৰশান...


গণবাৰ্তা বিশেষ,যোৰহাট ,২৪ নবেম্বৰ  : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত যোৰহাটত অব্যাহত আছে শোকৰ বন্যা । তেখেতৰ আত্মাৰ সদগতি আৰু চিৰশান্তিৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।  অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উপাচাৰ্য গৰাকীয়ে কয় যে তৰুণ গগৈৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপুৰণীয় ক্ষতি । সুদীৰ্ঘ সময়ৰ ৰাজনৈতিক পৰিক্ৰমাৰ জৰিয়তে ৰাজ্যখনৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙনিক সকলোৱে মনত ৰাখিব । অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰণৰ ক্ষেত্ৰতো তেখেতে অনবদ্য অৱদান আগবঢ়োৱাৰ লগতে অসমৰ কৃষিক্ষেত্ৰৰ দিশত তৰুণ গগৈয়ে লোৱা ভূমিকাক সকলোৱে শ্ৰদ্ধাৰে সোৱৰণ কৰি থাকিব । আনহাতে নামদেউৰী যুৱক সংঘৰ ৰংমঞ্চত যোৰহাট জিলা দেউৰী সাহিত্য সভা আৰু দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত নামদেউৰী যুৱক সংঘৰ সহযোগত দিনৰ ১১ বজাত মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুৰ শোক সভা অনুষ্ঠিত হয়।উক্ত সভাত প্ৰথমে যোৰহাট জিলা দেউৰী সাহিত্য সভাৰ  সভাপতি এচেন দেউৰীয়ে  বন্তি প্ৰজ্বলন কৰা  সাহিত্যিক বঁটা প্ৰাপক দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি  নৃপেন দেউৰী,নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ খগেন চন্দ্ৰ দেউৰী ,নামদেউৰী যুৱক সংঘৰ সভাপতি তথা শিক্ষক  ৰাতুল দেউৰী ,শিক্ষক ৰাজীৱ দেউৰী আদি  উপস্থিত থাকি এক মিনিট মৌন প্ৰথনাৰে শোক সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুৰ প্ৰতি শোক প্ৰকাশ কৰাৰ উপৰিও তেওঁৰ শোক সন্তপ্ত পৰিয়ালৈ যোৰহাট জিলাৰ দেউৰী জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ বিষয় ববীয়া সকলে সমবেদনা জ্ঞাপন কৰে। ইয়াৰোপৰি চহৰৰ মাজৰ মিলেনিয়াম পাৰ্ক, জে এম চি এইচৰ সন্মূখ, গড়আলি, জিলা কংগ্ৰেছ ভৱনৰ বাহিৰত, ৰয়েল ৰোডত , উত্তৰ  গড়মূৰৰ ৫৩ নং গাঁও পঞ্চায়ত, নতুন বালিবাট ,  ধল সত্ৰ চাৰি আলি  আদি বিভিন্ন স্থানত বন্তি প্ৰজ্বলন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীজনক  শ্ৰদ্ধাঞ্জলি জনাই|

No comments