Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দৈমাৰীৰ যোগদানে বিপিএফৰ এক বিন্দুও ক্ষতি নহয়ঃ নিৰ্বাচনীসভাচ চন্দন ব্ৰহ্ম

গণ বাৰ্তা, পাণবাৰী, ২২ নৱেম্বৰ ঃ চিৰাঙৰ বিজনীৰ ১৯নং থুৰিবাৰী পৰিষদীয় সমষ্টীত বিপিএফ-অগপ দলৰ সমৰ্থিত প্ৰাৰ্থীৰ নিৰ্বাচনী সভা। বিশ্বজিৎ দৈমাৰী...

গণ বাৰ্তা, পাণবাৰী, ২২ নৱেম্বৰ ঃ চিৰাঙৰ বিজনীৰ ১৯নং থুৰিবাৰী পৰিষদীয় সমষ্টীত বিপিএফ-অগপ দলৰ সমৰ্থিত প্ৰাৰ্থীৰ নিৰ্বাচনী সভা। বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰি পোনে পোনে ডাষ্টবিনত সোমাল বুলি আজি চিৰাঙৰ এক নিৰ্বাচনী সভাত মন্তব্য কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। মন্ত্ৰীজনে কয় যে আমাৰ বিপিএফ দলৰ সাংসদ হৈ অইন দলত যোৱাৰ লগে লগে তেওঁৰ সাংসদ পদ খাৰিজ হ’ব বুলি জনাৰ লগে লগে বিশ্বজিৎ দৈমাৰীয়ে সাংসদ পদৰ পৰাও পদত্যাগ কৰি ডাষ্টবিনত সোমাল বুলি কয়। মন্ত্ৰীজনে আৰু কয় যে মই আগতে কৈছিলোঁ যে বিটিচি নিৰ্বাচনৰ আগতে যদি দৈমাৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী পদ নাপায় তেনেহলে ডাষ্টবিনত যাব। গতিকে মোৰ কথাটো অলপ আগতেই হ’ল। এতিয়া বিশ্বজিৎ দৈমাৰী কালিৰ পৰা ডাষ্টবিনত। বিপিএফ ৰাজনৈতিক দলৰ এক বিন্দুও ক্ষতি নহয়, বৰঞ্চ তেওঁ বিপিএফত থাকিলেহে আমাৰ সাংঘাতিক ক্ষতি হ’লহেঁতেন। কাৰণ তেওঁ বিপিএফত থাকি অইন দলৰ হৈ কাম কৰিলেহেঁতেন। 

বিশ্বজিৎ দৈমাৰী হাগ্ৰামা মহিলাৰীৰ দয়াত বিপিএফ দলৰ পৰা তিনিবাৰকৈ ৰাজ্যসভাৰ সাংসদ হ’ব পাৰিছিল। অসমত কোনো ৰাজনীতিবিদৰ তেনে ভাগ্য হোৱা নাই। বিপিএফত থাকি যদি তেওঁৰ কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ ভাগ্য হোৱা নাই আৰু বিজেপি দলত গৈ যদি বিটিচি নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী হ’ব নোৱাৰে তেতিয়াহ’লে তেওঁ ডাষ্টবিনত যাব বুলি মই আগতেই ভৱিষ্যদ্বাণী কৰিছিলোঁ বুলিও কয় মন্ত্ৰীজনে। বিটিচি হিচাপে কোনো দলেই বিপিএফৰ বাবে প্ৰত্যাহ্বান হ’ব পাৰে ধৰণৰ কোনো চিন দেখা নাই যদিও কোনো কোনো সমষ্টিত দুই-এজন প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা থাকিব পাৰে বুলিও মন্ত্ৰী চন্দন ব্ৰহ্মই কয়। সভাত বিধায়ক কমল সিং নাৰ্জাৰীয়ে নিজৰ ভাষণত কয় যে অগপ-বিপিএফৰ সমৰ্থিত থুৰিবাৰী পৰিষদীয় সমষ্টীৰ প্ৰাৰ্থী পাৰ্থজিৎ ৰায় জয়ী হোৱাটো নিশ্চিত।

 গতিকে আপোনালোকে বিজয়ী প্ৰাৰ্থীকেই ভোট দিয়ক। বিজেপি দলে হিন্দুৰ বাবে সংবিধান সংশোধন কৰি ‘কা’ আনিলে যদিও এতিয়াও হিন্দু বঙালীসকলক বিদেশীৰ নামত হাৰাশাস্থি অব্যাহত ৰাখিছে। গতিকে বিজেপিৰ চলাহি কথাত কাণ নিদিব বুলিও সভাত উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ দিয়ে বিধায়ক নাৰ্জাৰীয়ে। চিৰাং জিলাৰ বিজনীৰ বেতবাৰী খেলপথাৰত বিপিএফ-অগপ দলৰ সমৰ্থিত ১৯নং থুৰিবাৰী পৰিষদীয় সমষ্টীৰ প্ৰাৰ্থী পাৰ্থজিৎ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে বিজনী বিধানসভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী, প্ৰাক্তন বিধায়ক কমল ব্ৰহ্ম, ১৮নং মানাস ছেৰফাং সমষ্টিৰ প্ৰাক্তন এমচি এলএ সুভাষ চন্দ্ৰ বসমুতাৰীকে আদি কৰি অসম গণ পৰিষদ আৰু বিপিএফ দলৰ কে’বাজনো নেতা উপস্থিত থাকে।

No comments