ষ্টাফ ৰিপৰ্টাৰ, যােৰহাট : যােৰহাট জয়া ভৱনৰ সাহিত্যিক পেন্সনাৰ পুষ্পা গগৈ সোঁৱৰণী কক্ষত যুৱ লেখিকা, দিল্লীৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰা...
ষ্টাফ ৰিপৰ্টাৰ, যােৰহাট : যােৰহাট জয়া ভৱনৰ সাহিত্যিক পেন্সনাৰ পুষ্পা গগৈ সোঁৱৰণী কক্ষত যুৱ লেখিকা, দিল্লীৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰা ২০২০ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰা স্বাতী বৰুৱাৰ প্রথম গ্রন্থ জার্নি অৱ মাই মিউচিং’ নামৰ ইংৰাজী ভাষাত লিখা প্রথম প্রবন্ধৰ গ্রন্থখনি যোৱা বিহস্পতিবাৰে উন্মোচন হয় । গ্ৰন্থ খন উন্মােচন কৰে যােৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালৰ প্রাক্তন উপাধ্যক্ষ, আনমনা বৰাই। তেখেতৰ ভাষণ প্রসংগত কয় যে স্বাতী বৰুৱাৰ লেখন শৈলী অতি সুন্দৰ। খুব সহজ ভাষাৰে কোমল কোমল ইংৰাজীৰ শব্দৰে পাঠকৰ হাতত তুলি দিয়া গ্রন্থখনি সকলাে ফালৰে পৰাই সর্বাংগ সুন্দৰ হৈছে। ছপা আৰু বানান কোনাে ভুল চকুত নপৰাতাে অত্যন্ত ভাল কথা। গ্রন্থ উন্মােচনী সভাখনিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে জয়া জুনিয়ৰ কলেজ অধ্যক্ষ, মণিৰাম লাহন, শিক্ষাবিদ, সাহিত্যিক, প্রাক্তন অধ্যাপিকা ড° পল্লৱী শইকীয়াৰ লগতে মহিলাৰ হাত পুথিৰ দুটা খণ্ডৰ ৰচয়িতা স্বাতী বৰুৱাৰ এনায়েক সত্তবােধ্ধৰ লেখিকা কানন হাজৰিকা। সভাৰ আৰম্ভণিতে সকলাে অতিথিকে লেখিকা স্বাতী বৰুৱাই একোখনিকৈ ফুলাম গামােছাৰে আদৰণি জনায়। গীতালী হাজবিকা আৰু নৱনীতা বৰাৰ এফাকি ঘােষা পাঠেৰে আৰম্ভ হােৱা সভাখনিত ছিবাজ সুতে এটি ৰাভা গীত পৰিবেশন কৰাৰ লগতে কবি নিজৰা লাহন আৰু ভাগ্যবান বৰাই একোটিকৈ কবিতাপাঠেৰে জীপাল কৰি তােলে। দিনৰ ২ বজাৰ পৰা আৰম্ভ হােৱা সম্পূর্ণ কভিড প্রট'কল মানি অনুষ্ঠিত কবা গ্রন্থ উন্মােচনীৰ সভাখনিৰ আঁত দৰে শব্দ প্রকাশৰ স্বত্বাধিকাৰ বণজিত গগৈয়ে। লেখিকা স্বাতী বৰুৱাই নিজৰ অনুভৱৰ একাষাৰ দাঙি ধৰাৰ লগতে সত্তৰাের্ধৰ লেখিকা কানন হাজৰীকায়াে নাতিনীয়েকৰ সাহিত্য চর্চাৰ বাবে মনত অতি সন্তোষ লাভ কৰা বুলি উল্লেখ কৰে।
No comments