Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ সৰ্বত্তে ধিক্কাৰধ্বন্নি

তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ প্ৰতিবাদ। চিত্তকমল বেজবৰা, তিতাবৰ ১৩ নৱেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ অভ...

তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ প্ৰতিবাদ।



চিত্তকমল বেজবৰা, তিতাবৰ ১৩ নৱেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ অভিযোগে উত্তাল কৰি তুলিছে ৰাজ্যৰ বৌদ্ধিক পৰিবেশ। দুৰ্ঘটনাৰ আলম লৈ সাংবাদিক গৰাকীক হত্যা কৰাৰ অভিযোগে সম্প্ৰতি প্ৰতিবাদমুখৰ কৰি তুলিছে ৰাজ্যবাসীক। আজি তিতাবৰ মহকুমা গ্রাম্য সাংবাদিক সন্থাই সাংবাদিক হত্যাৰ বিৰুদ্ধে আৰু ৰাজ্যৰ নিৰীহ সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সাংবাদিক সংগঠনটোৰ আহ্বানত তিতাবৰ ষ্টেচন তিনি আলিত তিতাবৰৰ বিভিন্ন দল সংগঠনক লগত লৈ দুই ঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে প্ৰতিবাদী সভাৰ জৰিয়তে চৰকাৰ প্ৰকাশনৰ সোপাধিলা ভূমিকাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। সংগঠনটোৰ তিতাবৰ মহকুমা সমিতিৰ সম্পাদক ইউচুফ আলিয়ে আঁত ধৰা প্ৰতিবাদী সভাত গীতা শাস্ত্ৰী চাওঁ দেৱেন্দ্ৰ চৰণ বৰবৰুৱাৰ, গ্ৰাম্য সাংবাদিক সন্থাৰ তিতাবৰৰ উপদেষ্টা জ্যেষ্ঠ সাংবাদিক বিমান শইকীয়া, গ্ৰাম্য সাংবাদিক সন্থা তিতাবৰ মহকুমাৰ সভাপতি প্ৰণৱজ্যোতি কলিতা, যুৱ সাহিত্যিক বিশ্বজ্যোতি শৰ্মা, সাংবাদিক দিগন্ত শইকীয়া, সাংবাদিক প্ৰকাশ বৰদলৈ, আছুৰ তিতাবৰ মহকুমাৰ সম্পাদক দিগন্ত বৰা, যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলাৰ যুটীয়া সম্পাদক অসীম শইকীয়া, যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি কিশোৰ দত্ত,সম্পাদক ৰাজীৱ শৰ্মা, কৃষক মুক্তিৰ যোৰহাট জিলাৰ  নেতা প্ৰমোদ গগৈ, তিতাবৰ মহকুমাৰ সম্পাদক তপন ফুকন , টাই আহোম ছাত্ৰ সন্থাৰ তিতাবৰৰ নেতা চিৰঞ্জীৱ গগৈ, লাচিত সেনাৰ দিলীপ ভৰালী, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ৰাহুল গগৈ,টাই আহোম যুৱ পৰিষদৰ নেতা দীপ্ত সেউজ গগৈ, চুতীয়া যুৱ সন্মিলনীৰ সভাপতি ধৰণীধৰ শইকীয়া, যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলাৰ নেতা ৰাতুল হাজৰিকা, তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল শইকীয়া সম্পাদক অমৃত শইকীয়াই বক্তব্যৰ জৰিয়তে পৰাগ ভূঞাৰ হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে চৰকাৰ খনৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। এই ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইৰ হাতত অৰ্পণ কৰি দুষিক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সংগঠনটোৱে মুখ্যমন্ত্ৰী গৰাকীক দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত গ্ৰাম্য সাংবাদিক সন্থাৰ সম্পাদক ৰাজু বৰা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা দিলীপ তামুলী, পংকজ তামুলী, সমাজকৰ্মী হেমন্ত লাহন, ৰেকিবুল হক সাংবাদিক ক্ৰমে চিত্তকমল বেজবৰা, চাজিদ হুছেইন, অমৰ সিং ৰাজপুত, সঞ্জীৱ দত্ত, ঋতু গগৈকে ধৰি তিতাবৰৰ বহু সংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ( চিত্তকমল বেজবৰা,তিতাবৰ )


No comments