গণ বাৰ্তা, বোকাজান, ৩ অক্টোবৰ ঃ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই-সৰিয়হজান সংযোগী পথত আজি পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। হোজাইৰ পৰা ডিমা...
গণ বাৰ্তা, বোকাজান, ৩ অক্টোবৰ ঃ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই-সৰিয়হজান সংযোগী পথত আজি পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। হোজাইৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা এএছ-০১বিচি-৩১৪৫ নম্বৰৰ যাত্ৰীবাহী বাছখন ডিলাই-সৰিয়হজান পথৰ কুলিগাঁও অঞ্চলত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত শিশু, মহিলা, পুৰুষসহ মুঠ ১৫গৰাকী আৰোহী গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ আহত ব্যক্তিসকলক ততালিকে বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। আহতসকলৰ ছগৰাকীৰ অৱস্থা অতিকে গুৰুতৰ বুুুলি জানিব পৰা গৈছে। অত্যধিক গতিবেগৰ বাবেই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি আঘাতপ্ৰাপ্ত আৰোহী তথা প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিয়ে। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই বাছখনৰ চালকে ছেগ বুজি পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বোকাজানৰ বিধায়ক ডাঃ নোমল ম’মিন বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ আহতসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে গুৰুতৰভাৱে আহত লোকসকলক নিজ হাতেৰে চিকিৎসা সেৱা প্ৰদান কৰে।
No comments