ফটো : দেৱাশীষ শৰ্মা, সৰুপথ...
গণ বাৰ্তা, সৰুপথাৰ, ২৯ নবেম্বৰ : আপকু ধনশিৰি মহকুমা সমিতিৰ সাধাৰণ সভাখন আজি এদিনীয়া কাৰ্যসূচীৰে বৰপথাৰত অনুষ্ঠিত হৈ যায় | দিনৰ ১ বজাৰ পৰা বৰপথাৰস্হিত অমৃত ইন্টাৰনেচনেল স্কুলত অনুষ্ঠিত হোৱা সভা খনত সভাপতিত্ব কৰে মহকুমা সমিতিৰ সভাপতি প্ৰতাপ গগৈয়ে | অমৃত ইন্টাৰনেচনেল স্কুলৰ অধ্যক্ষ ৰশ্মি সিঙে আদৰনি ভাষন আৰু সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া সোনতৃষ্ণা ঘৰফলীয়াই উদ্ধোধন কৰা সভাখনত বিগত কাৰ্যকালৰ কৰ্মপন্হা সমূহ পৰ্যালোচনা কৰা হয় | তদুপৰি পৰবৰ্তী সময়ৰ বাবে কৰ্মসূচী প্ৰস্তুত কৰা হয় | আপকু ধনশিৰি মহকুমা সমিতি খনৰ কাৰ্যকাল শেষ হোৱাৰ লগতে আগন্তুক কেন্দ্ৰীয় সমিতিৰ চৰাইদেউ অধিবেশনৰ প্ৰতি লক্ষ্য ৰাখি এখন নতুন সমিতি গঠন কৰা হয় | কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিং আৰু পত্ৰিকা সম্পাদৰ হেমন্ত শইকীয়াই কেন্দ্ৰীয় পৰ্যবেশক হিচাপে উপস্হিত থাকি পৰবৰ্তী কাৰ্যকালৰ বাবে জ্যেষ্ঠ সাংবাদিক হেমন্ত কুমাৰ মহন্তৰ সভাপতি,তুলসী চুতীয়াক পুনৰ সাধাৰণ সম্পাদক হিচাপে লৈ নতুন সমিতি খন গঠন কৰা হয় | তদুপৰি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণৰ বাবে জ্যেষ্ঠ সাংবাদিক প্ৰতাপ গগৈৰ নাম সভাই সৰ্বসন্মতি প্ৰকাশ কৰে | তদুপৰি আজিৰ এই সভাতেই সমিতিৰ স্হায়ী কাৰ্যালয়টো নিৰ্মানৰ বাবে ক্ষীপ্ৰ পদক্ষেপ লবৰ বাবে নতুন সমিতি খনক অনুৰোধ জনাই | ইয়াৰোপৰি অন্য কেইবাটিও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সভায়ে গ্ৰহন কৰে | সভাৰ শেষত সকলোৱে মিলি এসাজ প্ৰীতি ভোজ গ্ৰহন কৰা হয় |
No comments