Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিতাবৰত পুনৰ বন্যহস্তীৰ তাণ্ডৱ: ৰাইজৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড, খেতি পথাৰ অনিষ্ট

চিত্তকমল বেজবৰা, তিতাবৰ, ১৩ নৱেম্বৰ : ৰাজ্যত পুনৰ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। খাদ্যৰ অভাৱত গিবন অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্...


চিত্তকমল বেজবৰা, তিতাবৰ, ১৩ নৱেম্বৰ : ৰাজ্যত পুনৰ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। খাদ্যৰ অভাৱত গিবন অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ এটা বৃহৎ দলে এইবাৰ তিতাবৰ খৰিকতিয়াত প্ৰৱেশ কৰি দুটাকৈ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ৰাইজৰ বিস্তৰ পৰিমাণৰ কৃষি পথাৰ নষ্ট কৰে। যোৱা নিশা হাতীৰ দলটোৱে খৰিকটিয়া গ্ৰাণ্টৰ ১০ নং ৱাৰ্ডৰ বিজয় মাঝি, নিৰেন বৰা লেবুধৰ গগৈৰ গৃহ ভাঙি লণ্ড ভণ্ড কৰি সা-সম্পত্তি বিনিষ্ট কৰে। হাতীৰ এই আক্ৰমণত অঞ্চলটোৰ ৰাইজে নিশাই গৃহ এৰি কথমপি প্ৰাণ লৈ পলায় হাৰিবলৈ সক্ষম হয়।হাতীৰ দলটোৱে দুটা বাসগৃহ ভাঙি অনিষ্ট কৰাৰ উপৰিও অঞ্চলটোৰ বৃহৎ পৰিমাণৰ ধান খেতি নষ্ট কৰে। ইফালে হাতীৰ তাণ্ডৱৰ পাছত আজি অঞ্চলটোৰ সচেতন ব্যক্তি সমৰ দাস, ভুৱন শইকীয়াই ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ তিৰপাল আৰু টছ লাইট আনি ক্ষতিগ্ৰস্ত লোক সকলৰ মাজত প্ৰদান কৰে। তিতাবৰত বন্যহস্তী নিয়ন্ত্ৰণৰ কাৰণে মৰিয়নিত বন বিভাগৰ এদল কৰ্মী নিয়োজিত কৰি থোৱা হৈছে যদিও এই বন বিভাগৰ দলটোৱে হাতীৰ দলটো নিয়ন্ত্ৰণ কৰিব পৰা নাই। সম্প্ৰতি হাতীৰ এই বৃহৎ দলটোক লৈ অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে।

No comments