ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৫ নৱেম্বৰ : উজনি অসম মুছলিম কল্যাণ পৰিষদৰ যোৰহাট মহানগৰ মহিলা পৰিষদৰ উদ্যোগত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ নৱম মৃত্য...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৫ নৱেম্বৰ : উজনি অসম মুছলিম কল্যাণ পৰিষদৰ যোৰহাট মহানগৰ মহিলা পৰিষদৰ উদ্যোগত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকী আজি যোৰহাটৰ মিঠাপুখুৰীত অনুস্থিত কৰা হয়। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে মহানগৰ মহিলা পৰিষদৰ উপ- সভাপতি আচমা বেগমে। মহিলা পৰিষদৰ সম্পাদিকা বিজুলী শৰ্মাই আত ধৰা সভাখনত পৰিষদৰ সভাপতি চৰিফুন নিচাই সভাপতিত্ব কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত যশশ্বী নৃত্যশিল্পী, কবি জয়শ্ৰী শইকীয়া খাউণ্ডে মূখ্য অতিথিৰূপে উপস্থিত থাকি কয় যে ভূপেন হাজৰিকাই বিশ্ববাসীৰ আগত অসম আৰু অসমীয়াক পৰিচয় কৰাই থৈ গ'ল। তেখেত এজন প্ৰকৃত অসমীয়া। সভাখনত কল্যাণ পৰিষদৰ জিলা সম্পাদক এম ৰফিক হুছেইনে অংশগ্ৰহন কৰি ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত আলোকপাত কৰে। কাবেৰি দত্ত, সুনীতা চৌধুৰী, বিজুলী শৰ্মা , পাপৰি দাসে ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰা সভাখনত চৰিফুননিচাই স্বৰচিত কবিতা পাঠ কৰে। উপস্থিত থকা সকলো সদস্য সদস্যাৰ জাতীয় সংগীত পৰিবেশনৰে সভাভংগ হয়।
No comments