Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিব্ৰুগড় লেপেটকতাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৬ জন বৰযাত্ৰী নিহত

তপন কুমাৰ শইকীয়া আৰু প্ৰণৱ ডেকাবৰুৱা, ২৬ নৱেম্বৰঃ  ডিব্ৰুগড় লেপেটকতাত আজি পুৱা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত ৬ জনকৈ লোক নিহত হয় । খবৰ অনুসৰি ধ...


তপন কুমাৰ শইকীয়া আৰু প্ৰণৱ ডেকাবৰুৱা, ২৬ নৱেম্বৰঃ  ডিব্ৰুগড় লেপেটকতাত আজি পুৱা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত ৬ জনকৈ লোক নিহত হয় । খবৰ অনুসৰি ধেমাজিৰ চিচিবৰ গাঁ‌ৱৰ পৰা কন্যা লৈ কোটোহাৰ ভগামুৰৰ দৰা ঘৰলৈ অন্য এখন বলেৰ' গাড়ীৰে (এ এচ ০৬ আৰ ৮৬৪৭) আহি থকা অৱস্থাত আজি পুৱা প্ৰায় ৫ বজাত বলেৰ' গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিব্ৰুগড় লেপেটকতাত ৰখাই থোৱা এখন ট্ৰেলাৰত (এন এল ০২ এল ৭১৫২) পিছফালৰ পৰা খুন্দা মৰাৰ ফলত বলেৰ' গাড়ীখনৰ চালকসহ অহা ৬ জনকৈ বয়োজ্যেষ্ঠ লোক নিহত হয় । নিহত লোককেইজন ক্ৰমে দেৱ বৰা (৬৭), হেম বৰা (৫৭), মদন বৰা (৬৫), কনপাই ভূঞা (৬৭), জীৱক শইকীয়া (৬০) আৰু চালক প্ৰকাশ দাস (৩০) । ইয়াৰে দেৱ বৰা ঘৰ লেজাইত আৰু চালক প্ৰকাশ দাসৰ ঘৰ ঘুৰণীয়াৰ আশাপুৰ নতুন গাঁ‌ৱৰ । বাকীকেইজনৰ ঘৰ কোটোহাৰ ভগামুৰ । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে কালি হৈ যোৱা বিবাহত কন্যা ঘৰৰ মাংগলিক কাজ কৰিবৰ বাবে দৰাৰ ঘৰৰ হৈ ব্যক্তি কেইজন কন্যা গৃহলৈ গৈছিল । নিশা সকলো নীতি-নিয়ম সম্পন্ন হৈ যোৱাৰ পিছত ব্যক্তি কেইজনে দৰা কন্যা অহাৰ পিছৰ বলেৰ' গাড়ীখনত আহিছিল । দৰা ঘৰলৈ প্ৰায় ১০ কিলোমিটাৰ বাট বাকী থকা অৱস্থা লেপেটকতাত এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাটো সংঘটিত হয় । ইফালে এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে কোটোহাৰ ভগামুৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে । বয়োজ্যেষ্ঠ আটাইকেইজন ব্যক্তি ভগামুৰ বৰনামঘৰৰ মুৰব্বী লোক আছিল । জানিব পৰা মতে চালক প্ৰকাশ দাসৰ নশ্বৰ দেহৰ বাহিৰে আটাইকেইজন ব্যক্তিৰ নশ্বৰদেহ ভগামুৰলৈ আনি অন্তিম শ্ৰদ্ধা জনাই একেলগে সৎকাৰ কৰা হ'ব ।


No comments