Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিটিচি উন্নয়নৰ ধন ঘৰিয়ালৰ দৰে খাই হাগ্ৰামাইঃ বিটিচিৰ নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গণ বাৰ্তা, গোসাইগাঁও, ২৮ নৱেম্বৰ ঃ বিটিচিৰ নিৰ্বাচনী প্ৰচাৰত ৰাজ্যৰ বিত্ত-স্বাস্থ্য-শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাক্‌যুদ্ধই শালীনতা...

গণ বাৰ্তা, গোসাইগাঁও, ২৮ নৱেম্বৰ ঃ বিটিচিৰ নিৰ্বাচনী প্ৰচাৰত ৰাজ্যৰ বিত্ত-স্বাস্থ্য-শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাক্‌যুদ্ধই শালীনতাৰ সীমা চেৰাইছে। এজনে আনজনক মেকুৰী, বান্দৰ, চোৰ, ডকাইত আদি বিশেষণেৰে অভিহিত কৰি আছে। তেওঁলোকৰ এনে ভাষাই একাংশ ৰাইজক আমোদ দিছে যদিও সচেতন ৰাইজে বিষয়টোক ভালদৰে লোৱা নাই। হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ এনে বাক্‌যুদ্ধ অব্যাহত থকা সময়ত আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক এবাৰ সিংহ আৰু এবাৰ ঘঁৰিয়ালৰ লগত তুলনা কৰি ভাষণ আগবঢ়ালে। বিটিচিৰ ৩ নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ দত্তৰ সমৰ্থনত মৰনৈ চাহ বাগিচাৰ খেলপথাৰত আয়োজিত এখন সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ‘দিল্লী-দিছপুৰৰ পৰা বিটিচিৰ উন্নয়নৰ বাবে আবন্টন কৰা টকাৰ সৰহভাগ কোকৰাঝাৰত হাগ্ৰামা নামৰ সিংহজনে গো-গ্ৰাসে গিলি খায়।

 ৰাইজৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি বিটিচিত সঠিকভাৱে ৰূপায়ণ হোৱা নাই। কাৰণ দিল্লীত মোদী, দিছপুৰত মোদী আৰু কোকৰাঝাৰত হাগ্ৰামা। দিল্লী-দিছপুৰৰ পৰা অহা টকা-পইচা হাগ্ৰামাই ঘঁৰিয়ালৰ দৰে খাই পেলায়। যাৰ ফলত অসমত যি হাৰত উন্নয়ন হৈছে বিটিচিত হোৱা নাই। হাগ্ৰামাৰ ভিচিডিচিৰ সভাপতিসকল টকা খাই খাই হাতীৰ নিচিনা হৈছে। বিজেপি চৰকাৰ গঠন কৰিলে ভিচিডিচিসমূহক ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱা হ’ব। ৰাইজে যদি উন্নয়ন বিচাৰে দিল্লী-দিছপুৰৰ নিচিনা কোকৰাঝাৰতো মোদীৰ শাসন আনিব লাগিব বুলি ৰাইজৰ উদ্দেশি কয় ড০ শৰ্মাই। চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে তেওঁ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দি ভাষণত আৰু কয়, মৰনৈ চাহ বাগিচাত এখন উচ্চতৰ মাধ্যমিক স্কুল, শ্ৰীৰামপুৰ সমষ্টিত এখন কলেজ, চিকিৎসালয় স্থাপন কৰা হ’ব।

 পাছত উক্ত সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সজল কুমাৰ সিংহক টাৰ্গেট কৰি তেওঁ কয় ‘শুনিছো সজল সিংহই ৰাইজক বহু টকা-পইচা দি আছে। তেওঁ যদি পইচা দিছে পইচাটো খাই দিয়ক, কিন্তু ভোট আমাৰ সমৰ্থিত প্ৰাৰ্থীকে দিব’ বুলি ৰাইজক আহ্বান জনায়। আজিৰ সভা মঞ্চত লক্ষণীয়ভাৱে যুদ্ধবিৰত আদিবাসী বিদ্ৰোহী সংগঠনসমূহৰ কে’বাজনো নেতা উপস্থিত থাকে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক উদ্দেশি আকৌ কয়, আদিবাসীৰ একাধিক বিদ্ৰোহী সংগঠনে দীৰ্ঘদিনৰ পৰা চৰকাৰৰ লগত শান্তি আলোচনা অব্যাহত ৰাখিছে যদিও ইমানদিনে আদিবাসীসকলৰ কোনো চুক্তি স্বাক্ষৰিত নহ’ল। যিসময়ত বড়ো বিদ্ৰোহী সংগঠনৰ লগত ইতিমধ্যে তিনিটাকৈ শান্তি চুক্তি স্বাক্ষৰিত হ’ল, তেনে সময়ত আদিবাসী বিদ্ৰোহী সংগঠনসমূহৰ লগত আজিলৈকে এটাও চুক্তি নোহোৱাটো দুৰ্ভাগ্যজনক আখ্যা দি তেওঁ কয়, বিটিচি নিৰ্বাচনৰ পাছত বিজেপি দলৰ চৰকাৰ হ’ব আৰু আদিবাসী বিদ্ৰোহী সংগঠনসমূহৰ যাৱতীয় সমস্যা সমাধান কৰা হ’ব।

 এই প্ৰতিশ্ৰুতি প্ৰদান কৰি আদিবাসী বিদ্ৰোহী সংগঠন ক্ৰমে কোব্ৰা, বীৰছা, আপা, আলনা আৰু এছটিএফৰ নেতাসকলক বিজেপিৰ হৈ কাম কৰাৰ বাবে মন্ত্ৰী শৰ্মাই মুকলিকৈ আহ্বান জনায়। উক্ত সভাত বিপিএফ এৰি সদ্য বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ভাষণ প্ৰসংগত তেওঁৰ প্ৰাক্তন সংগী হাগ্ৰামা মহিলাৰী তথা বিপিএফ দলৰ সমালোচনাত মুখৰ হৈ ভাষণ প্ৰদান কৰে। বিপিএফ দলত বৰ্তমান কোনো নীতি-আদৰ্শ নাই। সেই দলটোত থাকি ৰাইজৰ সেৱা কৰাটো অসম্ভৱ। বিজেপি দললৈ আহি তেওঁ ৰাইজৰ সেৱা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। বিজেপিৰ কোকৰাঝাৰ জিলা সভাপতি দেৱৰাজ পালে আঁত ধৰা সভাত বিজেপিৰ  ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিপিএফ, কংগ্ৰেছ আৰু এআইইউডিএফক ক্ষুৰধাৰ সমালোচনা কৰি ভাষণ আগবঢ়াই শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ দত্তক বিপুল ভোটত বিজয়ী কৰাবলৈ ৰাইজক অনুৰোধ কৰে।

No comments