Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত জ্বলিল উদ্ধৱ থাকৰেৰ প্ৰতিমূৰ্ত্তি

গণবাৰ্তা বিশেষ, যোৰহাট ৫, নৱেম্বৰ :  মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন চৰকাৰে দেশৰ সংবাদ জগতৰ জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক ভিত্তিহীন ...


গণবাৰ্তা বিশেষ, যোৰহাট ৫, নৱেম্বৰ :  মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন চৰকাৰে দেশৰ সংবাদ জগতৰ জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক ভিত্তিহীন গোচৰৰ গইনা লৈ নিজ ঘৰৰ পৰা দাগী অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰা ঘটনাক হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম, যোৰহাট জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহনা দি আজি ৰাজপথত মহাৰাষ্ট্ৰৰ মূখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ প্ৰতিমূৰ্ত্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে| সংগঠনটোৰ অৰ্ধশতাধিক কৰ্মীয়ে চহৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিত প্ৰতিবাদস্থলীৰ পৰা অৰ্ণৱ গোস্বামীক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰি সভাপতি বিকি তাঁতী আৰু সম্পাদক পৰাগজ্যোতি বৰাই কয় যে মহাৰাষ্ট্ৰত দুজনকৈ সাধুক নিৰ্মম ভাৱে হত্যা কৰা আৰু সুশান্ত সিং ৰাজপুত কাণ্ড আৰু মুম্বাই ছবি জগতত খান কোম্পানীৰ দপদপনি আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে সৰৱ হৈ পৰাটোৱেই কাল হ'ল অৰ্ণৱ গোস্বামীৰ বাবে| অৰ্ণৱ গোস্বামীৰ মূখ বন্ধ কৰিবৰ বাবে খান কোম্পানী আৰু ড্ৰাগছ ব্যৱসায়ীৰ স্বাৰ্থ ৰক্ষাৰ বাবে উদ্ধৱ থাকৰেৰ চৰকাৰে এই নিৰ্ল্লজ্জ কাণ্ড সংঘটিত কৰিছে বুলি অভিযোগ কৰে সংগঠনটোৱে| বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গনতান্ত্ৰিক দেশত গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদক্ষেত্ৰ আৰু সাংবাদিক সকল আক্ৰমনৰ লক্ষ্য হৈ পৰাটো অতি দুৰ্ভাগ্য জনক বুলিও কয় নেতৃদ্বয়ে| অসমতো এনে ঘটনা হৈছিল অগপ আৰু কংগ্ৰেছৰ শাসন কালত বুলি মন্তব্য কৰি কয় সাংবাদিকৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আইন প্ৰস্তুত কৰিব লাগে বুলিও দাবী কৰে সংগঠনটোৱে|

No comments