গণ বাৰ্তা, গোসাইগাঁও, ২১ নৱেম্বৰ ঃ কোৰোনাৰ অজুহাত দেখুৱাই বিটিচিৰ নিৰ্বাচন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখাৰ অন্তৰালত বিজেপি, ইউপিপিএল তথা ...
গণ বাৰ্তা, গোসাইগাঁও, ২১ নৱেম্বৰ ঃ কোৰোনাৰ অজুহাত দেখুৱাই বিটিচিৰ নিৰ্বাচন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখাৰ অন্তৰালত বিজেপি, ইউপিপিএল তথা বিপিএফ দলে নিজৰ থৰক্-বৰক্ স্থিতিক মজবুত কৰাৰ গভীৰ ষড়যন্ত্ৰ নিহিত থকাৰ উপৰি চাৰিখন জিলাত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অন্তৰালতো গভীৰ ষড়যন্ত্ৰ থকা বুলি অভিযোগ উত্থাপন কৰিছে গণ সুৰক্ষা পাৰ্টীৰ সভাপতি তথা কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়াই। তেওঁ শুক্ৰবাৰে গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ শিমুলটাপুত দলীয় প্ৰাৰ্থী হাফিজুৰ ৰহমান শেখৰ নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত হৈ সাংসদগৰাকীয়ে সাংবাদিকৰ আগত কয়- বিটিআৰবাসী ৭০ শতাংশ ৰাইজৰ সকলো অধিকাৰ কাঢ়ি লোৱাৰ বাবে বিজেপি, ইউপিপিএল আৰু বিপিএফ দলে শান্তি চুক্তিৰ নামত শেহতীয়াকৈ যি চুক্তি সম্পাদন কৰিছে সেই সাংঘাতিক চুক্তি ৰূপায়ণ হ’লে বিটিআৰৰ অবড়ো ৰাইজৰ কোনো অধিকাৰ নাথাকিব।
এই চুক্তিৰ সংশোধন কৰিবলৈ হ’লে বিটিচিৰ শাসন-ক্ষমতা অবড়োৰ হাতত অহাটো খুবেই জৰুৰী। বিটিচিৰ ৭০ শতাংশ ৰাইজৰ স্বাৰ্থত গঠন কৰা গণ সুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিয়ে এইবেলি বিটিচি দখল কৰাটো নিশ্চিত হৈ পৰিছে। এই চৰম সত্য কথাটো বুজি পাই আমাক প্ৰতিহত কৰিবলৈ বিজেপি, ইউপিপিএল আৰু বিপিএফ দল ঐক্যবদ্ধ হৈছে আৰু ৰাইজক বিভ্ৰান্ত কৰাৰ বাবে নাটক কৰি আছে। বিজেপি আৰু বিপিএফৰ কাজিয়াক ঘৰুৱা কাজিয়াৰ লগত তুলনা কৰি শৰণীয়াই কয়- অবড়ো ৰাইজ ঐক্যবদ্ধ হৈ গণ সুৰক্ষা দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাৰ আহ্বান জনায়।
শাসক গোষ্ঠীৰ অপপ্ৰচাৰ ভয়-ভীতি তথা অনৈতিকভাৱে ভোটপৰ্ব পৰিচালনা কৰাৰ চেষ্টা কৰিলে নৱ শৰণীয়াই হাত সাবটি বহি নাথাকে। বিটিচি নিৰ্বাচনত যদি কোনো অনৈতিক পন্থা অৱলম্বন কৰি ভোট লুটৰ অপচেষ্টা চলোৱা হয়, তেন্তে পৰিস্থিতি ভয়ানক হ’ব বুলি শৰণীয়াই বিজেপি দলৰ প্ৰতি ইংগিতপূৰ্ণ মন্তব্য কৰে। ৰাইজে নিজেই মুক্ত আৰু নিকাভাৱে তথা সুস্থ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তীক্ষ্ন দৃষ্টি ৰখাৰ বাবে তেওঁ আহ্বান জনায়।
No comments