Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিনিবাৰৰ মুখ্যমন্ত্ৰী, ৬ বাৰৰ সাংসদ তৰুণ গগৈৰ বৰ্ণিল ৰাজনৈতিক জীৱনৰ -পৰিক্ৰমা

অসমৰ ৰাজনীতিত এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিছে তৰুণ গগৈয়ে। ১৯৬৭ চনত ৰাজনৈতিক পথাৰত জড়িত হৈ পৰে গগৈ। ১৯৬৭ চনত সৰ্বভাৰতীয় কংগ্ৰেছৰ যুটীয়া সম্...

অসমৰ ৰাজনীতিত এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিছে তৰুণ গগৈয়ে। ১৯৬৭ চনত ৰাজনৈতিক পথাৰত জড়িত হৈ পৰে গগৈ। ১৯৬৭ চনত সৰ্বভাৰতীয় কংগ্ৰেছৰ যুটীয়া সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৬৮ চনত গগৈ যোৰহাট পৌৰসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৭১ চনত ৫ মে’ত লোকসভালৈ নিৰ্বাচিত হয়। একেদৰে ১৯৭৭ চনত ষষ্ঠ লোকসভালৈ নিৰ্বাচিত হয় গগৈ। ১৯৮৩ চনত সপ্তম লোকসভালৈ সাংসদ হিচাপে দিল্লীলৈ পুনৰ যাত্ৰা কৰে। ১৯৮৫ চনত সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰে। ১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯১ চনত পুনৰবাৰ দশম লোকসভালৈ নিৰ্বাচিত হয় গগৈ। ১৯৯১ চনৰ পৰা ১৯৯৩ চনলৈ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰ (স্বতন্ত্ৰ)ৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।

 ১৯৯৩ চনৰ পৰা ১৯৯৫ চনলৈ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য প্ৰস্তুতকৰণ দপ্তৰৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯৭ চনত অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়। ১৯৯৮ চনত দ্বাদশ লোকসভালৈ কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়। ১৯৯৮ৰ পৰা ১৯৯৯ চনলৈ কমিটী অৱ গৱৰ্নমেণ্টৰ এছুৰেন্সৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০০১ চনৰ ১৮ মে’ত অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ২০০৬ চনৰ মে’ত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে তৰুণ গগৈয়ে। ২০১১ চনত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ তৃতীয়বাৰৰ বাবে একেৰাহে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।

No comments