Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দিল্লীক ঘেৰিহে এৰাৰ হুংকাৰ কৃষকৰ : প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়া বুৰাড়ী পাৰ্কক মুক্ত কাৰাগাৰ আখ্যা

নতুন দিল্লীঃ  পঞ্জাব, হাৰিয়াণাৰ কৃষকসকলে ক’লা কৃষি আইনৰ বিৰুদ্ধে আঁকোৰগোজ হৈ চলাই আছে প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱকো নাকচ কৰি কৃষকসকল...


নতুন দিল্লীঃ  পঞ্জাব, হাৰিয়াণাৰ কৃষকসকলে ক’লা কৃষি আইনৰ বিৰুদ্ধে আঁকোৰগোজ হৈ চলাই আছে প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱকো নাকচ কৰি কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৃষকসকলক দিল্লীৰ বুৰাড়ী পাৰ্কত প্ৰতিবাদ কৰিবলৈ অনুমতি দিছিল। তেওঁ কৈছিল যে যদি কৃষকসকলে সেই স্থানত প্ৰতিবাদ কৰে তেন্তে তেওঁলোকৰ সৈতে আলোচনাত মিলিত হ’বলৈ সাজু আছে কেন্দ্ৰীয় চৰকাৰ। কিন্তু কৃষকসকলে অমিত শ্বাহৰ এই প্ৰস্তাৱ নাকচ কৰিছে। কৃষকসকলে বুৰাড়ী পাৰ্কক মুক্ত কাৰাগাৰ আখ্যা দি কয় যে সেই স্থানলৈ গৈ তেওঁলোকে প্ৰতিবাদ নকৰে। তেওঁলোকৰ লক্ষ্য দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰা। আজি ৩০টা কৃষক সংগঠনে যুটীয়াভাৱে সংবাদমেল আয়োজন কৰি কয় যে  তেওঁলোকে যন্তৰ মন্তৰৰ পৰিৱৰ্তে কোনো স্থানত প্ৰতিবাদ নকৰে। যিসকল কৃষকে বুৰাড়ী পাৰ্কত উপস্থিত হৈছে তেওঁলোকক ওভতাই অনা হ’ব।

 তেওঁলোকৰ উদ্দেশ্য দিল্লীক ঘেৰি দাবীসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰা। কৃষকসকলে তিনিখন কৃষি আইনৰ বিৰুদ্ধে চাৰিটা দিন ধৰি আৰক্ষী প্ৰশাসনৰ সৈতে যঁুজি যঁুজি প্ৰতিবাদ অব্যাহত ৰাখিছে। তেওঁলোকে কৃষি আইনত ন্যূনতম সমৰ্থন মূল্য অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে। উল্লেখ্য যে সিংঘু সীমান্তত আয়োজন কৰা এই সংবাদমেলত ৩০টা কৃষক ইউনিয়নে একেষাৰে কয় যে তেওঁলোক বুৰাড়ী পাৰ্কত প্ৰতিবাদ কৰিবলৈ প্ৰস্তুত নহয়। যন্তৰ মন্তৰৰ পৰিৱৰ্তে কোনো স্থানত তেওঁলোকে প্ৰতিবাদ নকৰে। প্ৰয়োজনত দিল্লীৰ সকলো ৰাজপথ আবদ্ধ কৰি প্ৰতিবাদ কৰাৰো হুংকাৰ দিছে। লগতে এই কথাও উল্লেখ কৰিছে যে প্ৰয়োজনত তেওঁলোকৰ নিজ দাবীসমূহ লৈ চাৰি মাহলৈ ধাৰাবাহিক প্ৰতিবাদ চলাই যাব। ইয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। ইয়াৰ উপৰি আজিৰ সংবাদমেলত কয় যে কোনো ৰাজনৈতিক দলৰ নেতাক তেওঁলোকৰ মঞ্চ ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব।

লগতে কয়, দিল্লীক পাঁচোটা দিশৰ পৰাই আবদ্ধ কৰা হ’ব। Îট্ৰক্টৰৰ ট্ৰলিসমূহক কোঠাৰ ৰূপত সজোৱা হৈছে। আমাৰ লগত ইমান খাদ্য মজুত আছে যে ধাৰাবাহিকভাৱে ৪য৫ মাহলৈ প্ৰতিবাদ চলাই যাব পাৰিম। উল্লেখ্য যে কৃষকসকলে দিল্লীৰ সীমান্তত প্ৰতিবাদ চলাই আছে। এই প্ৰতিবাদ কেতিয়ালৈ অন্ত পৰিব তাৰো কোনো সঠিক উত্তৰ নাই। যিহেতুকে কৃষকসকলো আঁকোৰগোজ হৈ আছে যে ক’লা আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি যাব। ইয়াৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ কাৰ্যসূচীত কয় যে কৃষ আইন সম্পৰ্কত কৃষকসকলক বিপথে পৰিচালিত কৰি থকা হৈছে। কৃষি আইনৰ ভ্ৰান্ত আৰু উৰাবাতৰিৰ পৰা দূৰত্ব বজাবলৈও আহবান জনাইছে। 

এই আইনে কৃষকসকলক লাভৱান্বিত কৰিব। তেওঁলোকে নতুন দিশত আগবাঢ়িব পাৰিব। লগতে কৃষকসকলে নতুন অধিকাৰ লাভ কৰিব এই আইনৰ পৰা। কৃষকসকলৰ সমস্যা লাঘৱ কৰাৰ বাবে সকলো কাৰ্য কৰা হৈছে। আনাহতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয়— ‘আশ্বাস আছিল কৃষকৰ আয় দুগুণ কৰা, মোদী চৰকাৰে আয় বহুগুণ বৃদ্ধি কৰিলে, কিন্তু আদানী আৰু আম্বানীৰ। যিয়ে কৃষি আইনক এতিয়ালৈ সঠিক বুলি কৈ আহিছে। তেওঁলোকে কি কৃষকৰ সমস্যা লাঘৱ কৰিব· এতিয়া হ’ব কৃষকৰ বাৰ্তা।’

No comments