গণ বাৰ্তা বিশেষ, ডিফু, ৮ নৱেম্বৰ ঃ আমেৰিকাৰ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা নিৰ্বাচিত বিশ্বৰ শীৰ্ষস্থানৰ দুই শতাংশ বিজ্ঞানীৰ তালিকাত স্থান ...
গণ বাৰ্তা বিশেষ, ডিফু, ৮ নৱেম্বৰ ঃ আমেৰিকাৰ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা নিৰ্বাচিত বিশ্বৰ শীৰ্ষস্থানৰ দুই শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ সু-সন্তান উজ্জ্বল কুমাৰ সাহাই। সম্প্ৰতি গুবাহাটী আই আই টিত কৰ্মৰত জ্যেষ্ঠ অধ্যাপকগৰাকীৰ এনে সাফল্যই সমগ্ৰ কাৰ্বি আংলং জিলাৰ বিদ্বৎ সমাজক বাৰুকৈয়ে উৎফুল্ল কৰি তুলিছে। উল্লেখযোগ্য যে বকলীয়াঘাটৰ বালিজান গাঁও নিৱাসী ক্ষুদ্ৰ ব্যৱসায়ী ৰবীন্দ্ৰনাথ সাহা আৰু অৰুণা বাণী সাহাৰ একমাত্ৰ পুত্ৰ উজ্জ্বল কুমাৰ সাহাই বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছতে ১৯৯৬ চনত আই আই টি বোম্বাইৰ পৰা এৰ’স্পেচ ইঞ্জিনিয়াৰিঙত পি এইচ ডি ডিগ্ৰী লাভ কৰে। সুদীৰ্ঘ ২৪ বছৰ কাল শিক্ষকতা, গৱেষণা আৰু প্ৰশাসনীয় অভিজ্ঞতাৰে পুষ্ট সাহা সম্প্ৰতি গুৱাহাটী আইআইটিৰ যান্ত্ৰিক অভিযান্ত্ৰিক (মেকানিকেল ইঞ্জিনিয়াৰিং) বিভাগৰ প্ৰফেছৰ হিচাপে কৰ্মৰত।
প্ৰচুৰ মেধাসম্পন্ন এইগৰাকী বিজ্ঞানীয়ে বিগত সময়ছোৱাত এৰ’স্পেচ প্ৰপালচন, এপ্লাইড এৰ ডাইনেমিক্ছ, টাৰব মেচিনেৰী, ৱাইণ্ড এনাৰ্জী, অল্টাৰনেটিভ ফুৱেলছ আৰু কমবাতন ইঞ্জিন বিষয়ত গৱেষণাৰ কামত জড়িত হৈ আহিছে। বিজ্ঞানীগৰাকীৰ তত্ত্বাৱধানত ইতিমধ্যে দহগৰাকী ছাত্ৰই পি এইচ ডি সম্পূৰ্ণ কৰাৰ বিপৰীতে আন আঠগৰাকী শিক্ষাৰ্থীয়ে এতিয়াও বিজ্ঞানীগৰাকীৰ তত্ত্বাৱধানত গৱেষণা কৰি আছে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত দীৰ্ঘদিন ধৰি বিশেষ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা উজ্জ্বল কুমাৰ সাহাৰ ৮০খনকৈ গৱেষণা-পত্ৰ ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জাৰ্নেলত প্ৰকাশ পাইছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনত এতিয়ালৈকে বিজ্ঞানীগৰাকীৰ ৮৫খন গৱেষণাপত্ৰ পাঠ কৰা হৈছে।
লক্ষণীয় যে প্ৰচুৰ মেধা আৰু প্ৰজ্ঞাৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰি সফলতাৰ চূড়াত উপনীত হোৱাৰ পিছতো তেনেই সাধাৰণ জীৱন যাপন কৰা বিজ্ঞানী উজ্জ্বল কুমাৰ সাহাই ওপজা ঠাই বকলীয়াঘাটৰ সৈতেও বিগত সময়ছোৱাত অব্যাহত ৰাখিছে সু-সম্পৰ্ক। বকলীয়াঘাটৰ দৰে এখন তুলনামূলকভাৱে ক্ষুদ্ৰ ঠাইৰ পৰা গৈ আন্তৰ্জাতিক পৰ্যায়ত নিজৰ পৰিচয় তুলি ধৰিবলৈ সক্ষম হোৱা উজ্জ্বল কুমাৰ সাহাৰ এনে সাফল্যক লৈ স্বাভাৱিকতে আজি বকলীয়াঘাটবাসী গৰ্বিত। বিজ্ঞানীগৰাকীৰ এনে সফলতাৰ বাতৰি লাভ কৰাৰ পিছতে এলেকাটোৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে বিভিন্ন দল-সংগঠনে গভীৰ সন্তুষ্টি আৰু আনন্দ প্ৰকাশ কৰিছে। গৱেষণা কৰ্মৰে জীৱনজোৰা সাধনাৰে বিশ্বৰ শীৰ্ষ দুই শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰি বিৰল সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱা বিজ্ঞানী উজ্জ্বল কুমাৰ সাহাক গৃহচহৰ বকলীয়াঘাটত ৰাজহুৱাভাৱে সম্বৰ্ধিত কৰাৰ বাবেও প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।
No comments