গণ বাৰ্তা, নাজিৰা, ৩১ অক্টোবৰ : শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকীৰ অসম-নাগালেণ্ড সীমান্তৰ নাগালেণ্ডত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত...
গণ বাৰ্তা, নাজিৰা, ৩১ অক্টোবৰ : শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকীৰ অসম-নাগালেণ্ড সীমান্তৰ নাগালেণ্ডত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নাগালেণ্ডৰ নকলাকত আজি এখন যাত্ৰীবাহী টাটা ছুম’ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত থিতাতে তিনিগৰাকী লোকৰ মৃত্যু হয়। জানিব পৰা মতে পুৱা ম্যানমাৰ সীমান্তৰ নকলাকৰ পৰা টুৱেনচাং চহৰলৈ বুলি আহি থকা ছুম’খনে নিয়ন্ত্ৰণ হেৰুৱাই এটা জুৰিত বাগৰি পৰে।
সম্প্ৰতি গাড়ীখনত থকা তিনিগৰাকী যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। আহত যাত্ৰীজনক ইতিমধ্যে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে দৈনিক নাগালেণ্ডৰ অধিকাংশ যাত্ৰীবাহী টাটা ছুম’, অন্যান্য বাহন নাজিৰা হৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাইদি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ চলাচল কৰি আহিছে।
No comments