গণ বাৰ্তা, যোৰহাট, ৩ নৱেম্বৰ : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনীতিবিদ তৰুণ গগৈ বৰ্তমান শাৰীৰিক ভাবে অসুস্থ হৈ জি এম চি এইচত চ...
গণ বাৰ্তা, যোৰহাট, ৩ নৱেম্বৰ : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনীতিবিদ তৰুণ গগৈ বৰ্তমান শাৰীৰিক ভাবে অসুস্থ হৈ জি এম চি এইচত চিকিৎসাধীন হৈ আছে । ১৫ বছৰ কাল ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি আজি যোৰহাটত এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয়।যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত যোৰহাটৰ গান্ধী পাৰ্কত অনুষ্ঠিত হোৱা এই সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত হিন্দু, শিখ,বৌদ্ধ, ইছলাম, আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকল উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে। যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগ ত আয়োজন কৰা এই সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত যোৰহাট টাউন ব্লক কংগ্ৰেছ কমিটি, ঢেকৰগৰা ব্লক কংগ্ৰেছ কমিটি, কে প্ৰমুখ্যে কৰি কংগ্ৰেছ কৰ্মী আৰু সৰ্বসাধাৰণ ৰাইজেও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰে। সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ জৰিয়তে কংগ্ৰেছ কৰ্মী সকলে কয় যে , প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এজন মনে প্ৰাণে অসম তথা অসমীয়াক ভাল পোৱা লোক। তেওঁৰ অসুস্থতাই আমাক দুঃখিত কৰি তুলিছে। ১৫ বছৰ মুখ্যমন্ত্ৰীৰ আসনত থাকি তেওঁ অসমক শদিয়াৰ পৰা ধুবুৰী লৈ সজাই তোলাৰ চেষ্টা কৰিছিল। আমি সকলোৱে কামনা কৰিছোঁ যাতে তেওঁ সোনকালে সুস্থ হৈ পুনৰ যেন সমাজ জীৱনলৈ, ৰাজনৈতিক জীৱনলৈ উভতি আহে। ( ঋতুৰাজ ফুকন, যোৰহাট )
No comments