নতুন দিল্লী, ১৮ অক্টোবৰ : ৰাজনীতি, বলীউডৰ পিছত এইবাৰ ক্ৰীড়াক্ষেত্ৰত পৰিয়ালবাদ দেখিবলৈ পোৱা গৈছে। সময়ে সময়ে পৰিয়ালবাদ বিষয় সম্পৰ্কে ৰাজনীতি ...
এই পদৰ বাবে তেৱেঁই একমাত্ৰ প্ৰাৰ্থী আছিল। তেওঁৰ প্ৰতিদ্বন্দ্বী ৰূপে সুনীল কুমাৰ গোৱেলে মনোনয়ন-পত্ৰ দাখিল কৰিছিল যদিও নিৰ্বাচনৰ পূৰ্বে মনোনয়ন-পত্ৰ উঠাই লয়। যাৰ ফলত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। অৰুণ জেটলীৰ পুত্ৰ ডিডিচিএৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হোৱাৰ পিছত বিভিন্নজনে উল্লেখ কৰিছে যে ৰাজনীতি, বলীউডৰ পিছত এইবাৰ ক্ৰীড়াক্ষেত্ৰত পৰিয়ালবাদ আৰম্ভ হৈছে। ক্ৰীড়াক্ষেত্ৰৰ বাহিৰৰ ব্যক্তিয়েও ক্ৰীড়াক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে ক্ৰীড়াক্ষেত্ৰৰ লগত জড়িত নাথাকিও গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছে। জয় শ্বাহ বৰ্তমান বিচিচিআইৰ সম্পাদকৰ পদবী দখল কৰিছে।
পিতৃ অমিত শ্বাহৰ বলতেই জয় শ্বাহে বিচিচিআইৰ গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছে বুলি চৰ্চা চলি আছে। বিশেষকৈ আইপিএল চলি থকাৰ সময়ছোৱাত ভি আই পি আসনত বহি মেচ উপভোগ কৰি থকাৰ এখন জয় শ্বাহৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই তেওঁক বহুজনে সমালোচনা কৰে। যিহেতু তেওঁ ক্ৰীড়াক্ষেত্ৰৰ লগত জড়িত নোহোৱা ব্যক্তি। ঠিক একেদৰে এইবাৰ অৰুণ জেটলীৰ সন্তানে ডিডিচিএৰ দৰে গুৰুত্বপূৰ্ণ ক্ৰীড়া সংগঠনৰ অধ্যক্ষৰ পদ দখল কৰিছে। বহুজনে উত্থাপন কৰিছে যে বিজেপিত নাই নেকি নেপ’টিজম· যিহেতু বিজেপিৰ এই দুগৰাকী নেতাৰ সন্তানে এতিয়া ক্ৰীড়াক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ সংস্থাৰ উচ্চ পদবী লাভ কৰিছে।
No comments