Page Nav

HIDE

আৰক্ষীৰ জালত বিজেপি-আৰএছএছ নেতা ৰাজীৱ পৰাশৰঃ পিএনআৰডি-ৰে’লৱেত চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ ঃ এছ আই নিযুক্তি কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে ক্ৰমাৎ পোহৰলৈ আহিবলৈ ধৰিছে একাংশ বিজেপি নেতাৰ কুকীৰ্তি। ক...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ ঃ এছ আই নিযুক্তি কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে ক্ৰমাৎ পোহৰলৈ আহিবলৈ ধৰিছে একাংশ বিজেপি নেতাৰ কুকীৰ্তি। ক্ষমতালৈ বিজেপি অহাৰ পিছতে একাংশ সুবিধাবাদী নেতাই দলটোত সোমাই ক্ষমতাত থকাৰ অজুহাতত ধাৰাবাহিকভাৱে নিযুক্তি কেলেংকাৰীত হাত উজান দি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। প্ৰতিবাৰেই চৰকাৰে নিযুক্তি পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ অভিযোগ প্ৰত্যাখ্যান কৰিছিল। কিন্তু শেহতীয়াকৈ এছ আই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে এতিয়া এজনৰ পিছত এজনকৈ বিজেপি নেতাৰ কু-কীৰ্তি পোহৰলৈ আহিছে। এছ আই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক দিবন ডেকা হ’ল বিজেপিৰ যুৱনেতা। 

আনহাতে প্ৰাৰ্থীৰ সৈতে সংযোগ স্থাপন কৰি মধ্যভোগীৰ ভূমিকা গ্ৰহণ কৰা জিণ্টু নাথ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ বেজেৰা মণ্ডল বিজেপিৰ উপ-সভাপতি। ইমানেই নহয়, যোৱাবছৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি পৰীক্ষাত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে একাংশ বিজেপি নেতাৰ অঙহী-বঙহীক চাকৰি দিয়া পৰিলক্ষিত হৈছিল। কিন্তু কেলেংকাৰীৰ অভিযোগ প্ৰত্যাখ্যান কৰিছিল মন্ত্ৰী নৱ দলেই। পিছে কালি নিশা মহানগৰ আৰক্ষীৰ জালত বিজেপি নেতা পৰাৰ পিছতেই পোহৰলৈ আহিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ তথ্য। কালি নিশা মহানগৰ আৰক্ষীয়ে বিজেপি-আৰএছএছ নেতা ৰাজীৱ পৰাশৰক ছয়মাইলৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে নিযুক্তি কেলেংকাৰীৰ আন ভয়াৱহ তথ্য।

 বিজেপি-আৰএছএছৰ নেতা ৰাজীৱ পৰাশৰে দীৰ্ঘদিনে বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষাৰ যোগেদি চাকৰি দিয়াৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লক্ষণীয় যে খালী হৈ থকা ৰঙাপৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ ভিতৰত অন্যতম আছিল ৰাজীৱ পৰাশৰ। সততে বিজেপিৰ শীৰ্ষনেতাৰ সৈতে উঠা-বহা কৰা ৰাজীৱ পৰাশৰ আৰক্ষীৰ জালত পৰাৰ পিছতে এতিয়া নিযুক্তি পৰীক্ষাসমূহত বিজেপিৰ একাংশ নেতাই যে পূৰ্বৰে পৰাই দালালি কৰি আহিছিল সেই অভিযোগ প্ৰমাণিত হোৱাৰ পথত। কালি নিশা গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাজীৱ পৰাশৰক লৈ মহানগৰ আৰক্ষীয়ে ছয়মাইলস্থিত জেএনকে এপাৰ্টমেণ্টত অভিযান চলায়। 

কিয়নো অভিযানকালত ছয়মাইলৰ এই এপাৰ্টমেণ্টৰ পৰা বহুতো গুৰুত্বপূৰ্ণ  নথি-পত্ৰ, এটা লেপটপ উদ্ধাৰ কৰে। উক্ত এপাৰ্টমেণ্টৰ নিৰ্দিষ্ট ফ্লেটৰ পৰা প্ৰাৰ্থীৰ সৈতে চাকৰি দিয়াৰ বাবদ ধনৰ লেনদেনৰ চুক্তি-পত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। তদুপৰি  এএছ-০১বিজেড-৪০০০ নম্বৰৰ বাহন এখন উদ্ধাৰ কৰে, য’ত বিধানসভাৰ প্ৰৱেশ-পত্ৰ লগোৱা আছিল। এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত মুন্নাপ্ৰসাদ গুপ্তাই জানিবলৈ দিয়া অনুসৰি ৰাজীৱ পৰাশৰে বিভিন্ন বিভাগত নিযুক্তি দিয়াৰ বাবে প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিছিল। ইপিনে আজি কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতত এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত দেৱৰাজ দাস, মনজিৎ বৰা, প্ৰদীপ মজুমদাৰ আৰু ৰূপম দাসক হাজিৰ কৰোৱা হয়। মনজিৎ বৰা, প্ৰদীপ মজুমদাৰক পাঁচদিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে  ৰূপম দাস আৰু দেৱৰাজ দাসক তিনিদিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰে। তদুপৰি আজি গ্ৰেপ্তাৰ কৰা ৰাজীৱ পৰাশৰক চিজেএম ক’ৰ্টত হাজিৰ কৰা হয়।