Page Nav

HIDE

বিশ্ব ক্ষুধা সূচক ২০২০ ত ভাৰতৰস্থান ৯৪ঃ ক্ষুধা সূচকত ভাৰতৰ স্থান পাকিস্তান-বাংলাদেশৰ পিছত

নতুন দিল্লী, ১৭ অক্টোবৰ ঃ বিশ্ব ক্ষুধা সূচক-২০২০ত ভাৰতৰ স্থান হৈছেগৈ ৯৪। ১০৭খন দেশৰ তালিকাত ভাৰত ৯৪ স্থানত উপনীত হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ দেশ...

নতুন দিল্লী, ১৭ অক্টোবৰ ঃ বিশ্ব ক্ষুধা সূচক-২০২০ত ভাৰতৰ স্থান হৈছেগৈ ৯৪। ১০৭খন দেশৰ তালিকাত ভাৰত ৯৪ স্থানত উপনীত হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয়নো এই তালিকাত বাংলাদেশ, নেপাল, পাকিস্তান, ইণ্ডোনেছিয়াৰ দৰে দেশ ভাৰততকৈ ওপৰত আছে। বাংলাদেশ এই তালিকাত ৭৫ স্থানত থকাৰ বিপৰীতে নেপাল ৭৩, পাকিস্তান ৮৮, ইণ্ডোনেছিয়া ৭০ স্থানত আছে। ভাৰতে এই তালিকাত ২৭.২ পইেণ্টৰে ৯৪ স্থানত আছে। ভাৰতে বিগত বৰ্ষত এই তালিকাত ১১৭খন দেশৰ তালিকাত ১০২ নম্বৰ স্থানত আছিল। চলিত বৰ্ষত ভাৰতৰ পিছত বিশ্ব ক্ষুধা সূচকৰ নিম্নস্থানত আছে ১৩খন দেশ। এই ১৩খন দেশৰ ভিতৰত আছে ৰুৱাণ্ডা (৯৭), নাইজেৰিয়া (৯৮), আফগানিস্তান (৯৯), লাইবেৰিয়া (১০২), মোজাম্বিক (১০৩), ছাদ (১০৭)। ক্ষুধাৰ ক্ষেত্ৰত ভাৰত গম্ভীৰ স্তৰত আছে। যাৰ বাবে ক্ষুধা সূচকৰ তালিকাত চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ তলত আছে। ইয়াৰ বাবে মোদী চৰকাৰক জগৰীয়া কৰি কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে টুইটাৰৰ জৰিয়তে উল্লেখ কৰে যে ভাৰতৰ দৰিদ্ৰসকল ভোকাতুৰ হৈ আছে। কিয়নো চৰকাৰে তেওঁলোকৰ কিছু ঘনিষ্ঠ বন্বুূৰ পকেট ভৰোৱাৰ বাবে উঠিপৰি লাগিছে। আনহাতে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণেও সমালোচনা কৰি টুইটাৰৰ জৰিয়তে উল্লেখ কৰিছে যে ভাৰতৰ প্ৰতিজন ব্যক্তিৰ জিডিপিৰ হাৰ বাংলাদেশৰ তলত হোৱাৰ পিছত এতিয়া ভাৰত বিশ্ব ক্ষুধা সূচকত বাংলাদেশ আৰু পাকিস্তানৰ তলত আহি উপনীত হৈছে। বহুত ভাল কাৰ্য চলি আছে মোদীজী বুলি উল্লেখ কৰে।