Page Nav

HIDE

নলবাৰীৰ তুলিকা গোস্বামীৰ সাফল্যঃ ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটাকৈ সন্মান কঢ়িয়ালে নলবাৰীৰ বোৱাৰীয়ে

এম মহিবৰ ৰহমান, নলবাৰী, ৬ অক্টোবৰ ঃ নলবাৰীৰ এগৰাকী বোৱাৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটাকৈ সন্মান কঢ়িয়াই অনাৰ পিছতে উৎফুল্ল হৈ পৰিছে তেওঁৰ পৰিয়া...

এম মহিবৰ ৰহমান, নলবাৰী, ৬ অক্টোবৰ ঃ নলবাৰীৰ এগৰাকী বোৱাৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটাকৈ সন্মান কঢ়িয়াই অনাৰ পিছতে উৎফুল্ল হৈ পৰিছে তেওঁৰ পৰিয়াল, আত্মীয় আৰু শুভাকাংক্ষীসকল। বলীউডৰ জনপ্ৰিয় অভিনেতা প্ৰয়াত সুশান্ত সিং ৰাজপুতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে যোৱা ১৪ আগষ্ট তাৰিখে গুজৰাটত অনলাইন যোগে আয়োজিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ  ‘Largest Online talent show’ শীৰ্ষক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । এই প্ৰতিযোগিতাত ৪খন দেশ, ১৭খন ৰাজ্য আৰু ১০৮খন চহৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। উক্ত প্ৰতিযোগিতাত নলবাৰীৰ চিত্ৰশিল্পী তুলিকা গোস্বামীয়ে নিজৰ প্ৰতিভাৰে নলবাৰীৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। তুলিকা গোস্বামীৰ এই প্ৰতিভাক বিশ্বৰ তিনিটা ৱৰ্ল্ড ৰেকৰ্ড কোম্পানীৰ  ‘High Range Book of World record’ , ‘Marvelous Book of record’ আৰু ‘India Record’-এ বিশেষভাৱে সন্মানিত কৰে তুলিকাক ।

 বিগত সময়ছোৱাত তুলিকাই নিজৰ প্ৰতিভাৰে বিভিন্ন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো সন্মান কঢ়িয়াবলৈ সক্ষম হৈছে । জন্মসূত্ৰে তুলিকাৰ ঘৰ মিৰ্জাত। সৰুৰে পৰা ছবি আঁকি ভাল পোৱা তুলিকাই ২০১৯ চনত ‘ভাৰতীয় উদ্যমিতা সংস্থা’ৰ পৰা বিশেষভাৱে প্ৰশিক্ষণ লাভ কৰিছিল । ইয়াৰ দ্বাৰা তেওঁ বিভিন্ন ঠাইত নিজাববীয়াকৈ চিত্ৰশিল্প আৰু কাৰিকৰী খণ্ডত নিজৰ প্ৰশিক্ষণ আগবঢ়াই আহিছে। ইয়াৰোপৰি তেওঁ বিভিন্ন ধৰণৰ সামাজিক, সাংস্কৃতিক, দক্ষতামূলক সংগঠন আৰু বহুতো আলোচনা-চক্ৰৰ লগতো সক্ৰিয়ভাৱে জড়িত। বৈবাহিক সূত্ৰে তেওঁ নলবাৰী চহৰৰ মমাত নগৰ নিৱাসী পবিন্দ্ৰ নাথ শৰ্মা আৰু পদ্মা দেৱীৰ জ্যেষ্ঠ বোৱাৰী । তেওঁৰ এই সাফল্যত উৎফুল্ল হৈ পৰিছে তেওঁৰ স্বামী পংকজ কুমাৰ শৰ্মাও।