Page Nav

HIDE

ৱৰ্ল্ড ফুড প্ৰগ্ৰেমলৈ শান্তিৰ ন’বেল ঃ ক্ষুধা নিবাৰণত উল্লেখযোগ্য ভূমিকা আগবঢ়োৱাৰ বাবে সৰ্বশ্ৰেষ্ঠ সন্মান

  অছলো, ৯ অক্টোবৰ ঃ সমগ্ৰ বিশ্ববাসীৰ উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত আজি ন’বেল কমিটীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ২০২০ৰ শান্তিৰ ন’বেল বঁটা প্ৰাপক...

 

অছলো, ৯ অক্টোবৰ ঃ সমগ্ৰ বিশ্ববাসীৰ উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত আজি ন’বেল কমিটীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ২০২০ৰ শান্তিৰ ন’বেল বঁটা প্ৰাপকৰ নাম। এই বৰ্ষত শান্তিৰ ন’বেল বঁটা লাভ কৰিছে ৱৰ্ল্ড ফুড প্ৰগ্ৰেমে। সংঘৰ্ষত প্ৰভাৱিত অঞ্চলসমূহত ক্ষুধা নিবাৰণৰ উল্লেখযোগ্য ভূমিকা আগবঢ়োৱাৰ বাবে ৱৰ্ল্ড ফুড প্ৰগ্ৰেমলৈ ২০২০ৰ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। ন’বেল কমিটীয়ে এই আন্তঃৰাষ্ট্ৰীয় সংস্থাটোলৈ শান্তিৰ ন’বেল বঁটা আগবঢ়াই কয় যে ক্ষুধাক যুদ্ধ আৰু সংঘৰ্ষত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰয়াসত বাধা প্ৰদানৰ বাবে কৰা উল্লেখযোগ্য ভূমিকাৰ বাবে তেওঁলোকলৈ এই বৰ্ষৰ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। সংঘৰ্ষত প্ৰভাৱিত অঞ্চলসমূহত ৱৰ্ল্ড ফুড প্ৰগ্ৰেমে ক্ষুধা নিবাৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। যাৰ বাবে সংঘৰ্ষত জৰ্জৰিত অঞ্চলসমূহত ক্ষুধাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা নাই। 

ৱৰ্ল্ড ফুড প্ৰগ্ৰেমত এনে উল্লেখযোগ্য ভূমিকাৰ বাবেই এই আন্তঃৰাষ্ট্ৰীয় সংস্থাটোক ন’বেল কমিটীয়ে সোণৰ পদকসহ ৮ কোটি টকাতকৈও অধিক ধনেৰে সন্মানিত কৰিব। উল্লেখ্য যে এই বৰ্ষৰ শান্তিৰ ন’বেল বঁটাৰ বাবে ন’বেল কমিটীলৈ ৩১৮টা সংস্থা তথা ব্যক্তিয়ে আবেদন জনাইছিল। ইয়াৰে ভিতৰত ২১১জন ব্যক্তিয়ে শান্তিৰ ন’বেল বঁটাৰ বাবে আবেদন জনোৱাৰ বিপৰীতে ১০৭টা সংস্থাই এই বঁটাৰ বাবে আবেদন জনাইছিল। কিন্তু ইয়াৰ মাজত ৱৰ্ল্ড ফুড প্ৰগ্ৰেমক এই বৰ্ষৰ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হয়। এই বঁটাৰ বাবে চৰ্চাত আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, বিশ্ব স্বাস্থ্য সংস্থা, পৰিৱেশ সম্পৰ্কত আন্তঃৰাষ্ট্ৰীয় চৰ্চা লাভ কৰা গ্ৰেটা থৰ্নবৰ্গকে ধৰি বিভিন্নজন এই বঁটা লাভৰ বাবে চৰ্চাত আছিল। আজি ন’বেল কমিটীয়ে প্ৰকাশ কৰিছে যে ৱৰ্ল্ড ফুড প্ৰগ্ৰেমে বিশ্বস্তৰত ক্ষুধা নিবাৰণৰ বাবে উল্লেখযোগ্য ভূমিকা বহন কৰি আছে।

 বিশ্বৰ ৮৮খন দেশত বছৰি ৯.৭০ কোটি লোকক সহায় কৰি আছে ৱৰ্ল্ড ফুড প্ৰগ্ৰেমে। লগতে আজি ন’বেল কমিটীয়ে প্ৰকাশ কৰিছে যে ৱৰ্ল্ড ফুড প্ৰগ্ৰেমক সমগ্ৰ বিশ্বই সহায়ৰ হাত আগবঢ়াব লাগে। যাতে তেওঁলোকে সমগ্ৰ বিশ্বত ক্ষুধা নিবাৰণৰ ক্ষেত্ৰত মূল ভূমিকা বহন কৰিব পাৰে। লগতে এই কথাও প্ৰকাশ কৰে যে কোৰোনা মহামাৰীৰ বাবে সমগ্ৰ বিশ্বত ভোকাতুৰ লোকৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। এনেস্থলত ৱৰ্ল্ড ফুড প্ৰগ্ৰেমৰ দায়িত্ব আৰু অধিক বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে ন’বেল কমিটীয়ে।

 যিসকল লোক ক্ষুধাৰ সৈতে যুঁজ দি আছে সেইসকল লোকক যাতে খাদ্য যোগান ধৰিব পাৰে ৱৰ্ল্ড ফুড প্ৰগ্ৰেমে, সেইবাবে এই সংস্থাটোক সকলোৱে সহায়ৰ হাত আগবঢ়াব লাগে। উল্লেখ্য যে অহা ১০ ডিচেম্বৰত আলফ্ৰেড ন’বেলৰ মৃত্যু বাৰ্ষিকী উপলক্ষে নৰৱেৰ অছলোত ন’বেল বঁটা কমিটীয়ে কোৰোনা মহামাৰীৰ বাবে এইবাৰৰ ন’বেল বঁটা প্ৰদান অনুষ্ঠান উলহ-মালহেৰে উদ্‌যাপন কৰা নহ’ব বুলি প্ৰকাশ কৰিছে ন’বেল কমিটীয়ে।