Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ওপজা দিনত ৰক্তদান কৰ্য্যসুচীৰে অভিনৱ জন্মদিন উদযাপন শান্তুনু পূজাৰীৰ

গণবাৰ্তা বিশেষ, যোৰহাট, ১৯ অক্টোবৰ :   বিজেপি দলৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক তথা যোৰহাটৰ এজন বিশিষ্ট সমাজকৰ্মী শান্তনু পূজাৰীৰ ওপজা দিনটো আজি শ...


গণবাৰ্তা বিশেষ, যোৰহাট, ১৯ অক্টোবৰ :   বিজেপি দলৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক তথা যোৰহাটৰ এজন বিশিষ্ট সমাজকৰ্মী শান্তনু পূজাৰীৰ ওপজা দিনটো আজি শান্তনু পূজাৰী ফেন ক্লাৱৰ সদস্য সকলৰ উদ্যোগত অভিনৱ কাৰ্য্যসুচীৰে পালন কৰা হয়| পুৱাৰে পৰা  লায়ন্স ক্লাৱৰ সোনালী জয়ন্তী নগৰ স্থিত ব্লাড বেংকত ৰক্তদান আৰু প্লাজমা দান কাৰ্য্যসুচী ৰূপায়ন কৰে ফেন ক্লাৱৰ সদস্য সদস্যা  সকলে| প্ৰায় ৫০ জনৰো অধিক যুৱক যুৱতীয়ে ৰক্তদান কৰে| জন্মদিনত এনে এক মহান কাৰ্য্যসুচী হাতত লোৱা বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি শান্তনু পূজাৰীয়ে কয় যে তেওঁ নিজে প্ৰায় ৬০ বাৰতকৈও বেছি ৰক্তদান কৰিছে আৰু তেওঁৰ কামকে আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে নৱপ্ৰজন্মৰ যুৱক যুৱতী সকলে| তেওঁ লগতে কয় যে ৰক্তদান এক মহান দান গতিকে প্ৰতিজন ব্যক্তিয়ে অন্ততঃ এবাৰলৈ হ'লেও ৰক্তদান কৰিব লাগে| অৱশ্যে আজি চিকিৎসকৰ পৰামৰ্শৰ বাবে নিজে ৰক্তদানৰ পৰা বিৰত থাকিব লগা হোৱাত দুখ প্ৰকাশ কৰে ৰাজনীতিবিদ জনে| জন্মদিন উপলক্ষে অনুস্থিত হোৱা এক মতবিনিময় অনুস্থানত উপস্থিত বিভিন্ন জনে স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন উপদেশ প্ৰদান কৰে|

No comments