Page Nav

HIDE

চৰকাৰী চাকৰিত নাথাকিব মৌখিক সাক্ষাতকাৰঃকেন্দ্ৰীয় চৰকাৰে সমাপ্ত কৰিলে দেশজুৰি সাŽক্ষাতকাৰৰ পদ্ধতি

নতুন দিল্লী, ১১ অক্টোবৰ ঃ দেশৰ ২৩খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি প্ৰকাশ কৰিছে যে এতিয়াৰে পৰ...

নতুন দিল্লী, ১১ অক্টোবৰ ঃ দেশৰ ২৩খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি প্ৰকাশ কৰিছে যে এতিয়াৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত চৰকাৰী চাকৰিত নাথাকিব মৌখিক সাক্ষাৎকাৰ। অৰ্থাৎ সাক্ষাৎকাৰৰ পদ্ধতি উঠাই লৈছে কেন্দ্ৰীয় চৰকাৰে। যিটো দেশৰ কোটি কোটি নিবনুৱাৰ বাবে এক সুখবৰ। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে যে দেশৰ ২৩খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয়শাসিত প্ৰদেশত চৰকাৰী চাকৰি নিযুক্তিৰ সময়ছোৱাত হোৱা সাক্ষাৎকাৰ পদ্ধতি সমাপ্ত কৰা হৈছে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ৰ স্বাধীনতা দিৱসত ঘোষণা কৰিছিল যে চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ হ’বলগীয়া সাক্ষাৎকাৰ পদ্ধতি নাইকিয়া কৰিবলৈ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। লিখিত পৰীক্ষাৰ ভিত্তিতেই চাকৰি লাভ কৰিব পাৰিব বুলি ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। সেই অনুসৰিয়ে এতিয়া চৰকাৰী চাকৰিত নিযুক্তি প্ৰক্ৰিয়াৰ সময়ছোৱাত হ’বলগীয়া সাক্ষাৎকাৰ পদ্ধতি এতিয়া নোহোৱা কৰা হৈছে। ইতিমধ্যে মহাৰাষ্ট্ৰ আৰু গুজৰাটত চৰকাৰী চাকৰি নিযুক্তিৰ সময়ত হ’বলগীয়া সাক্ষাৎকাৰ পদ্ধতি প্ৰথমে সমাপ্ত কৰা হৈছিল। কিন্তু এতিয়া সমগ্ৰ দেশতেই এই পদ্ধতি নাইকিয়া কৰা হৈছে। ইয়াৰ পূৰ্বে চৰকাৰী চাকৰিৰ আবেদনত ৰাজপত্ৰিত বিষয়াৰ স্বাক্ষৰ কাৰ্যব্যৱস্থা নাইকিয়া কৰিছিল কেন্দ্ৰীয় চৰকাৰে। এতিয়া মৌখিক সাক্ষাৎকাৰো নোহোৱা কৰিছে চৰকাৰী চাকৰিত।