Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিধায়ক ৰাজদ্বীপ গোৱলা, প্ৰাক্তন বিধায়িকী ৰুমী নাথক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

                           ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ অক্টোবৰ :  দলবিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগত বিধায়ক ৰাজদীপ গোৱালা আৰু প্ৰাক্তন বিধায়...

                     




ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ অক্টোবৰ :  দলবিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগত বিধায়ক ৰাজদীপ গোৱালা আৰু প্ৰাক্তন বিধায়িকা ৰুমী নাথক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয়। দলবিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত দুয়োগৰাকী নেতাক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই। আজি এক প্ৰেছ বিবৃতি যোগে ৰিপুন বৰাই এই কথা ৰাজহুৱা কৰে। ৰাজদীপ গোৱালা লক্ষীপুৰ সমষ্টিৰ বিধায়ক হোৱাৰ বিপৰীতে বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আছিল ৰুমী নাথ। 

দুয়োগৰাকী কংগ্ৰেছ নেতাক ৬ বছৰৰ বাবে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰে। জানিব পৰা মতে কংগ্ৰেছত থাকিয়েই বিধায়ক ৰাজদীপ গোৱালা আৰু ৰুমী নাথে বিজেপিৰ লগত গোপনে মিতিৰালি কৰি আছিল। কংগ্ৰেছৰ সকলো ধৰণৰ ৰণনীতি বিজেপিক পূৰ্বে অৱগত কৰি আহিছিল। যাৰ পৰিপ্ৰেক্ষিতত বিধায়ক ৰাজদীপ গোৱালা আৰু প্ৰাক্তন বিধায়িকা ৰুমী নাথক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে। উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ মাৰ্চ মাহতে ৰাজদীপ গোৱালাই বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰিছিল। ৰিপুন বৰাই হিমন্তৰ মন্তব্যক খণ্ডন কৰি সেয়া অপপ্ৰচাৰ বুলি উল্লেখ কৰিলেও বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ কথাই সত্য হোৱাৰ পথত আগবাঢ়িছে।

[ কাৰিকৰী অসুবিধাৰ বাবে কিছু সময়ৰ কাৰণে ফেচবুকত শ্বেৰ কৰিব নোৱাৰিব  ]


No comments