Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ দেহাৱসান : ৰাজনীতি মহলত শোকৰ ছাঁ

নতুন দিল্লী, ৮ অক্টোবৰ: কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ বৃহস্পতিবাৰে বিয়োগ ঘটে। তেওঁৰ বিয়োগৰ কথা টুইটাৰ জৰিয়তে প্ৰকাশ কৰিছে পুত্ৰ চিৰাগ প...


নতুন দিল্লী, ৮ অক্টোবৰ: কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ বৃহস্পতিবাৰে বিয়োগ ঘটে। তেওঁৰ বিয়োগৰ কথা টুইটাৰ জৰিয়তে প্ৰকাশ কৰিছে পুত্ৰ চিৰাগ পাচৱানে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল। যোৱা ৪ অক্টোবৰৰ সন্ধিয়া তেওঁৰ হৃদ অস্ত্ৰোপচাৰ কৰা হৈছিল। পুত্ৰ চিৰাগ পাচৱানে ৰামবিলাস পাচৱানৰ মৃত্যুৰ বাৰ্তা দি টুইটাৰত লিখিছে 'পিতা...আপুনি এতিয়া এই পৃথিৱীত নাই বুলি মই অৱগত, আপুনি যতেই আছে সদায় মোৰ সৈতে আছে। মনত পৰিছে পিতা।' ১৯৪৬ চনৰ ৫ জুলাইত জন্মগ্ৰহণ কৰা ৰামবিলাস পাছৱানে কমেও পাঁচটা দশক দেশৰ সক্ৰিয় ৰাজনীতিত আছিল। তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ ৰাজনৈতিক নেতাসকলে শোক প্ৰকাশ কৰে। তেওঁ দেশৰ আটাইকেইটা ৰাজনৈতিক দলৰ সৈতে এক সম্পর্ক আছিল।

পাঁচটা দশক ধৰি দেশৰ সক্ৰিয় ৰাজনীতিত থকা ৰামবিলাস পাচৱানে প্রাক্তন প্ৰধানমন্ত্ৰী পিভি সিঙকে ধৰি অটল বিহাৰী বাজপেয়ী, মনমোহন সিঙৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীৰূপে থকাৰ লগতে এতিয়া নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত খাদ্য মন্ত্ৰীৰূপে আছিল।

প্ৰধান মন্ত্ৰী মোদীৰ পৰা বিহাৰৰ পূৰ্বৰ মুখ্য মন্ত্ৰী লালা প্ৰসাদ য়াদৱলৈ – বহু নেতাই পাচৱান পৰিয়াললৈ সমবেদনা জনায়। টুইটাৰ যােগে  শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে "একেলগে কাম কৰা, পাচৱান জীৰ সৈতে কান্ধলৈ কান্ধত কাম কৰাটো এক অবিশ্বাস্য অভিজ্ঞতা। কেবিনেট সভাৰ সময়ত তেওঁৰ হস্তক্ষেপ আছিল অন্তৰ্দৃষ্টিমূলক। ৰাজনৈতিক বিচক্ষণতা, ৰাষ্ট্ৰশাসনৰ পৰা শাসনৰ বিষয়লৈ, তেওঁ উজ্জ্বল আছিল। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা।

আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইট যোগে সমবেদনা জ্ঞাপন কৰি লিখিছে "কেন্দ্ৰীয় মন্ত্ৰী ৰাম ভিলাছ পাছৱানৰ মৃত্যুত জাতিটোৱে এজন সু-প্ৰমাণিত নেতাহে হেৰুৱাইছে। তেওঁ সংসদৰ আটাইতকৈ সক্ৰিয় আৰু দীৰ্ঘতম কাৰ্যনিৰ্বাহ কৰা সদস্যসকলৰ ভিতৰত আছিল।

No comments