Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু গৱেষণা কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

  গণবাৰ্তা বিশেষ, যোৰহাট, ১৫ অক্টোবৰ :  যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰত নতুনকৈ নিৰ্মান কৰি উলিওৱা   "ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ আ...

 


গণবাৰ্তা বিশেষ, যোৰহাট, ১৫ অক্টোবৰ :  যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰত নতুনকৈ নিৰ্মান কৰি উলিওৱা   "ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰ" উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অনুষ্ঠানত উপস্থিত থাকে উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী , অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা , কেন্দ্ৰিয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজহ মন্ত্ৰী যোগেন মহনকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি ।এই অনুষ্ঠানতে  ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক মাটিৰ পত্তা প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।  প্ৰতিকী  হিচাপে কেইজনমান চাহ খেতিয়কক মাটিৰ পত্তা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

 এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত  চাহৰ গুণগত মানদণ্ড বজাই ৰাখিবলৈ আহ্বান জনায়। তেতিয়াহে বিশ্বৰ বজাৰত অসমৰ চাহৰ যি মৰ্যদা আছিল সেয়া অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী য়ে উল্লেখ কৰে। দুশ বছৰীয়া চাহ উদ্যোগৰ জৰিয়তেই বিশ্বই অসমক চিনি পাইছিল কিন্তু এতিয়া আগৰ সেই সু নাম নোহোৱা হৈছে বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অত্যাহ্বান গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

 ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটিৰ পত্তাৰ কাম এতিয়াৰ পৰা গুৱাহাটীত কৰিব নালাগে আৰু এই কাম এতিয়াৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তেই হব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

No comments