Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বঙাইগাঁৱৰ বিদ্যাপুৰ আক্ৰাছুৰ সাধাৰণ সভাঃ আঞ্চলিক কোচ-ৰাজবংশী মহিলা সমিতি গঠন

গণ বাৰ্তা, বঙাইগাঁও, ৪ অক্টোবৰ : বঙাইগাঁও জিলাৰ অন্তৰ্গত বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দেওবাৰে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি কৃষ্ণ ...

গণ বাৰ্তা, বঙাইগাঁও, ৪ অক্টোবৰ : বঙাইগাঁও জিলাৰ অন্তৰ্গত বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দেওবাৰে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি কৃষ্ণ চৌধুৰীৰ সভাপতিত্বত বিদ্যাপুৰ আঞ্চলিক কোচ- ৰাজবংশী ছাত্ৰ সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত বিদ্যাপুৰৰ ৰজা অভয় নাৰায়ণ দেৱ এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বনমালী বৰ্মন, আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন, আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৰ্মেশ্বৰ ৰায়, মুখ্য সাংগঠনিক সম্পাদক কমল সৰকাৰকে ধৰি সংগঠনটোৰ বিষয়ববীয়াসকল, চিলাৰায় সেনাৰ উপ-সেনাধ্যক্ষ দীপজ্যোতি ৰায় চৌধুৰী, বঙাইগাঁও জিলা কোচ- ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি পাঠক, সম্পাদক বিকাশ বৰ্মনৰ লগতে বঙাইগাঁও জিলা কোচ-ৰাজবংশী মহিলা সমিতিৰ বিষয়ববীয়া তথা জিলা আক্ৰাছুৰ আন বিষয়ববীয়াসকলৰ উপৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

উল্লেখ্য যে এই সভাতে বিদ্যাপুৰ আঞ্চলিক কোচ-ৰাজবংশী মহিলা সমিতিখন নিৰ্মালী চৌধুৰীক সভানেত্ৰী আৰু নমিতা বৰ্মন আৰু চম্পা ৰায়ক যুটীয়া সম্পাদিকা হিচাপে লৈ মুঠ ৫১ জনীয়াকৈ গঠন কৰা হয়। ইপিনে, সভাত আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে নিজৰ বক্তব্যত কেএচি সন্দৰ্ভত কয় যে কেএচিক লৈ আমি সন্তুষ্ট নহয় আৰু সেয়ে কেএচিক লৈ আমি আনন্দ- উল্লাস কৰাৰো কোনো প্ৰয়োজন নাই। কাৰণ কেএচিত অন্তৰ্ভুক্ত সুবিধাসমূহ আমাৰ পৰ্যাপ্ত নহয়। লগতে কয় যে আক্ৰাছুৰ মূল দাবীয়েই হ’ল  জনজাতিকৰণ। জনজাতিকৰণ নোহোৱা পৰ্যন্ত আক্ৰাছুৱে আপোচবিহীনভাৱে আন্দোলন কৰি যাব। 

আনহাতে কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক কমল সৰকাৰে ভাষণত কয় যে চৰকাৰে বছৰৰ পিছত বছৰ ধৰি কেৱল প্ৰতাৰণাই কৰি আহিছে। আমি আৰু শুই থাকিলে নহ’ব। জাগিবই লাগিব। সেইদৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি কৰ্মেশ্বৰ ৰায়ে তেওঁৰ বক্তব্যত কয় যে এই সংগ্ৰাম সমগ্ৰ কোচ- ৰাজবংশীৰ সংগ্ৰাম। কেৱল আক্ৰাছুৰ আন্দোলন বা সংগ্ৰাম নহয়। সেয়ে সকলো কোচ-ৰাজবংশী ৰাইজক ওলাই আহিবলৈ আহ্বান জনায়।

No comments