Page Nav

HIDE

মালবাহী ট্ৰাক আগচি আৰক্ষীৰ জালত ৰাইজৰ দলৰ অন্যতম আহ্বায়ক মনোজ গগৈঃ জামিনত মুক্তি তিনি সতীৰ্থ সহ মনোজ গগৈঃ

গণ বার্তা, আমগুৰি,১২অক্টোবৰঃ  নৱগঠিত ৰাজনৈতিক দল " ৰাইজৰ দল"ৰ অন্যতম আহ্বায়ক মনোজ গগৈ এইবাৰ ৰাজপথত মালবাহী ট্ৰাক আগচি ধৰি থানাৰ আল...


গণ বার্তা, আমগুৰি,১২অক্টোবৰঃ  নৱগঠিত ৰাজনৈতিক দল " ৰাইজৰ দল"ৰ অন্যতম আহ্বায়ক মনোজ গগৈ এইবাৰ ৰাজপথত মালবাহী ট্ৰাক আগচি ধৰি থানাৰ আলহী হল। জানিব পৰা মতে যোৱা নিশা মনোজ গগৈক আন তিনিগৰাকী সতীৰ্থ সহ গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীয়ে। অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি মনোজ গগৈৰ বিৰুদ্ধে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মাজনিশা মালবাহী ট্ৰাক আগচিধৰি গাড়ী চালকক ভাবুকি দিয়াৰ লগতে অশ্লীল গালি গালাজ পৰা বুলি অভিযোগ উত্থাপিত হৈছে। জানিবপৰামতে যোৱা নিশা মনোজ গগৈ আৰু সতীৰ্থ কেইজনে এএছ ০১ ই ৭১৩১ নম্বৰৰ মাৰুতি ৮০০ বাহনখন লৈ তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখী এএছ-০১.ইউ ১০৮৫ নম্বৰৰ মালবাহী ট্ৰাকখন গৌৰীসাগৰ থানা এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আগচি ধৰিছিল।এই সন্দৰ্ভত ট্ৰাক চালকে গৌৰীসাগৰ থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১,২৯৪,আৰু ৫০৬ ধাৰাৰ অধীনত ৯৩/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰি মনোজ গগৈৰ লগতে পৰাগ বুঢ়াগোহাঁই, উদ্দীপ বৰা আৰু বিদ্যুৎ চুতীয়াক গ্ৰেপ্তাৰ কৰি  পিছত আটাইকে জামিনত এৰি দিয়া হয়। এই সম্পৰ্কে  অভিযুক্ত মনোজ গগৈয়ে জানিবলৈ দিয়া মতে ট্ৰাক খনে গগৈৰ বাহন খনক বাট এৰি নিদিয়াৰ বাবেহে ট্ৰাক চালকৰ লগত কথাৰ কটাকটি হোৱাৰ ফলত এই সংঘাতৰ সৃষ্টি হয়।