Page Nav

HIDE

কাৰ্বি আংলঙৰ ডকমকাৰ ভিতৰুৱা অঞ্চল অন্ধবিশ্বাসৰ কঁৰাল গ্ৰাসতঃ ডাইনী হত্যাকাণ্ডকলৈ স্থানীয় লোকৰ অকপট স্বীকাৰোক্তি

গণ বাৰ্তা, ডিফুঃ একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ঈৰ্ষণীয় সফলতাৰ সময়তে অসম মুলুকৰে পাৰ্বত্য জিলা কাৰবি আংলঙৰ ডকমকা থানা এলেকাৰ দু...

গণ বাৰ্তা, ডিফুঃ একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ঈৰ্ষণীয় সফলতাৰ সময়তে অসম মুলুকৰে পাৰ্বত্য জিলা কাৰবি আংলঙৰ ডকমকা থানা এলেকাৰ দুৰ্গম অঞ্চলসমূহত অন্ধবিশ্বাসৰ নেগুৰত ধৰি সংঘটিত হৈ আছে ইটোৰ পিছত সিটো ডাইনী কাণ্ডৰ দৰে জঘন্য অপৰাধ । ডাইনী সন্দৰ্ভত থকা স্থানীয় বাসিন্দাৰ ভ্ৰান্ত ধাৰণাৰ অকপট স্বীকাৰোক্তিয়েও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক চৰম ভেঙুচালি কৰা পৰিলক্ষিত হৈছে । সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টিকাৰী কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত লাংহিন ৰহিমাপুৰ নামৰ এক অতিকে পিছপৰা এলেকাত সংঘটিত হোৱা ডাইনী কাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৯জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন কেইবাজনো উক্ত ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে যোৱা ৩০ ছেপ্টেম্বৰত গাঁওখনত অন্ধবিশ্বাসৰ  বলি  হৈ একাংশ উন্মত্ত লোকে গাঁওখনৰ ৰমাৱতী হালোৱা (৫০) নামৰ মহিলাগৰাকীৰ লগতে বিজয় গৌড় (২৬) নামৰ যুৱকজনকো ডাইনীৰ সন্দেহত কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰিছিল। ইয়াৰ পিছতে কালি পুৱাৰ ভাগত ডকমকা আৰক্ষী এই সন্দৰ্ভত অৱগত হোৱাত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নেতৃত্বত আৰক্ষীয়ে তৎপৰতাৰে বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰি ডাইনীৰ সন্দেহত দুজন লোকক হত্যা কৰাৰ অভিযোগত গাঁওখনৰ তিনিগৰাকী মহিলাসহ মুঠ ৯জন লোকক সোধা-পোছাৰ বাবে আটক কৰি আনি পিছত নিশা ইয়াৰে  আঠজনক গ্ৰেপ্তাৰ কৰে। 

আৰক্ষীয়ে গ্ৰেপ্তাৰ  কৰা ৰহিমাপুৰৰ লোককেইজন ক্ৰমে ধনছিং গৌড়ৰ পুত্ৰ সঞ্জ গৌড় ওৰফে নাগামিজ, কৈলাশ গৌড়ৰ পুত্ৰ ৰাজেন গৌড়, তুলাৰাম গৌড়ৰ পুত্ৰ কৃষ্ণ গৌড়, গণেশ গৌড়ৰ পুত্ৰ ৰবিলাল গৌড়, প্ৰয়াত শংকৰ গৌড়ৰ পুত্ৰ সীতাৰাম গৌড়, পিতকল গৌড়ৰ পত্নী বাইগুল গৌড়, কৈলাশ গৌড়ৰ কন্যা কাজল গৌড় আৰু শম্ভু গৌড়ৰ কন্যা জোনালী গৌড় বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে সঞ্জ গৌড় ওৰফে নাগামিজ আৰু সীতাৰাম গৌড়ক মূল অভিযুক্ত হিচাপে চিহ্নিত কৰা হৈছে। আনহাতে উক্ত নৃশংস হত্যাকাণ্ডৰ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গাঁওখনৰ দীপক গৌড়, লুলু গৌড়, মানছিং গৌড়, বাবুৰাম গোৱালা আৰু শিৱলাল গৌড়ৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে। ইয়াৰে মানছিং গৌড় নামৰ তান্ত্ৰিকগৰাকীৰ নিৰ্দেশনাতে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। এই সন্দৰ্ভত ডকমকা থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৩০২/৩০১/৩৪১/৩৫৪/৩২৩ ধাৰাত ৩২য২০২০ নম্বৰত এক গোচৰ তৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে ডাইনী কাণ্ড সংঘটিত হোৱাৰ পিছতে নিশাটোৰ ভিতৰতে চৰ্চিত হৈ পৰা লাংহিনৰ এক পাহাৰৰ দাঁতিকাষৰীয়া অত্যন্ত পিছপৰা এলেকা ৰহিমাপুৰ গাঁৱত তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। অতি দুৰ্গম বাট-পথৰ মাজেৰে আজি গাঁওখনত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে সাংবাদিকৰ এটা দল উপস্থিত হয় যদিও প্ৰায় ৩৫টা পৰিয়ালে বসবাস কৰা গাঁওখনত প্ৰায় জনশূন্য পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। শেহতীয়াকৈ ডাইনী কাণ্ড সন্দৰ্ভত কাৰ্বি আংলং জিলা আৰক্ষীয়ে প্ৰদৰ্শন কৰা কঠোৰ স্থিতিৰ বাবেই আতংকগ্ৰস্ত হৈ এনেদৰে গাঁওখন জনশূন্য হৈ পৰা বুলি অনুমান কৰা হৈছে। 

অৱশ্যে ইয়াৰ মাজতো গাঁওখনত লগ পোৱা দুই-এজন লোকৰ সৈতে হোৱা বাৰ্তালাপত গাঁওবাসীৰ মাজত শিপাই থকা কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ এক ভয়ংকৰ পৰিস্থিতিৰ উমান পোৱা গৈছে। ৰহিমাপুৰৰ গাঁওবুঢ়া কৈলাশ গৌড়েও উক্ত দিনাৰ ঘটনাৰ শিহৰণকাৰী বিৱৰণ দাঙি ধৰাৰ লগতে ডাইনী সম্পৰ্কীয় নিজ অন্ধবিশ্বাসৰ কথা সংবাদ মাধ্যমৰ আগত অকপটে স্বীকাৰ কৰে। এইক্ষেত্ৰত ডাইনীৰ সন্দেহত একেখন গাঁৱৰে দুজন লোকক অতি নৃশংসভাৱে কোবাই কোবাই হত্যা কৰা ঘটনাক লৈও কোনোধৰণৰ অনুশোচনাৰ প্ৰকাশো দেখিবলৈ পোৱা নগ’ল। প্ৰসংগত্ৰমে উল্লেখযোগ্য যে শিক্ষা, আধুনিক স্বাস্থ্যসেৱা , বাট-পথ, উন্নয়ন আদি সকলো দিশৰে পৰা বঞ্চিত হৈ যুগ যুগ ধৰি অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত নিমজ্জিত হৈ থকা ৰহিমাপুৰবাসীৰ দৰে জিলাখনৰ বিভিন্ন প্ৰান্তত এনে অন্ধবিশ্বাসৰ বলি হৈ থকা অগণন লোকক এনে কুসংস্কাৰৰ গ্ৰাসৰ পৰা মুক্ত কৰি  তোলাটো আজিৰ সময়ৰ এক বৃহৎ প্ৰত্যাহান হিচাপে পৰিগণিত হৈছে। আনহাতে এইসমূহ সমাজক শীঘ্ৰেই অন্ধবিশ্বাসমুক্ত কৰি তুলিব নোৱাৰিলে আগত দিনত ৰহিমাপুৰৰ দৰে অধিক ঘটনা সংঘটিত হোৱাৰ আশংকা দিনকদিনে উদ্বেগজনকভাৱে বৃদ্ধি পাই আহিছে। তেনেস্থলত এনে সমাজক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি তোলাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সিও নিশ্চিতভাৱে এক বিশেষ গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।