Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজ্য কঁপোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১২ বছৰঃ একাংশ Žক্ষতিগ্ৰস্তই আজিও নাপালে চৰকাৰী সাহায্য

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ অক্টোবৰ ঃ ১২ বছৰ পূৰ্বে আজিৰ দিনটোতেই ৰাজ্যত সংঘটিত হৈছিল ধাৰাবাহিক বিস্ফোৰণ। ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীৰ গ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ অক্টোবৰ ঃ ১২ বছৰ পূৰ্বে আজিৰ দিনটোতেই ৰাজ্যত সংঘটিত হৈছিল ধাৰাবাহিক বিস্ফোৰণ। ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীৰ গণেশগুৰি, ফাঁচী বজাৰ, পাণবজাৰ, বৰপেটাৰোড, কোকৰাঝাৰ আৰু বঙাইগাঁৱত ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত হৈছিল। গুৱাহাটীত তিনিটা, বৰপেটাৰোডত দুটা, কোকৰাঝাৰত দুটা, বঙাইগাঁৱত এটা বোমাৰ বিস্ফোৰণ সংঘটিত কৰিছিল এনডিএফবি ৰঞ্জন দৈমাৰী গোটে। নিমিষতে ৰক্তাক্ত হৈ পৰিছিল গণেশগুৰি-পাণবজাৰ। পাণবজাৰৰ কাছাৰীত সংঘটিত বোমা বিস্ফোৰণত কেইবাজনো অধিবক্তা নিহত হৈছিল। গণেশগুৰিৰ অৱস্থা বৰ্ণনাতীত আছিল। ক’লা ধোঁৱা আৰু ৰক্তাক্ত মাংসপিণ্ড সিঁচৰতি হৈ আছিল গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত। 

অসমৰ ইতিহাসত ক’লা দিন হিচাপে পৰিগণিত ৩০ অক্টোবৰৰ বিস্ফোৰণত ৮১জন লোক নিহত হোৱাৰ লগতে ৪৪৭জন লোক চিৰদিনৰ বাবে ঘুণীয়া হৈ পৰিছিল। আজি এই ক’লা দিনটোত বিস্ফোৰণত নিহত ৮১জন লোকক ৰাজ্যজুৰি স্মৰণ কৰা হয়। গণেশগুৰি উৰণীয়া সেতুৰ তলত আজি কেন্দ্ৰীয়ভাৱে ৩০ অক্টোবৰত নিহতক স্মৰণ কৰা হয়। উক্ত অনুষ্ঠানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষী¸কেশ গোস্বামী উপস্থিত হৈ নিহতসকললৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। ইপিনে একাংশ ক্ষতিগ্ৰস্তই এতিয়ালৈকে উপযুক্ত চৰকাৰী সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰে। 

মহেশ হালৈ নামৰ লোকজন বোমা বিস্ফোৰণৰ ফলত চিৰদিনৰ বাবে ঘুণীয়া হৈছে। কিন্তু এতিয়ালৈকে উপযুক্ত সংস্থাপন নোপোৱাত ক্ষুণ্ণ হৈ সাংবাদিকৰ আগত প্ৰকাশ কৰে যে চৰকাৰে কেৱল ৫০ হাজাৰ টকা দিয়ে নিজৰ দায়িত্ব সামৰিছে। এতিয়ালৈকে সংস্থাপন দিয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বোমা বিস্ফোৰণত নিহত গাড়ীচালক এজনৰ সন্তান মীনা পাৰবিনে সাংবাদিকক কয় যে বোমা বিস্ফোৰণত দেউতাক নিহত নহ’লে তাইৰ এতিয়া পঢ়া-শুনাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহ’লহেঁতেন বুলি দুখ প্ৰকাশ কৰে। সম্প্ৰতি জীৱন-যাপনত ব্যাপক অসুবিধাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰাৰ লগতে বিদ্যালয়ৰ মাচুল দিয়াৰ ক্ষেত্ৰতো মাতৃৰ বহুতো অসুবিধাৰ সৃষ্টি হয় বুলি দুখ প্ৰকাশ কৰে। 

No comments