Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাত অতিৰিক্ত উপায়ুক্তক উৎকোচ দিব গৈ আটক কনিষ্ঠ অভিযন্তা

পুলেন্দ্ৰ দাস, বৰপেটা, ২২ অক্টোবৰ ঃ বৰপেটাৰ অতিৰিক্ত উপায়ুক্তক উৎকোচ দিব গৈ আজি সন্ধিয়া আটক হয় এগৰাকী কনিষ্ঠ অভিযন্তা। ঘটনা সন্দৰ্ভত জানিব প...

পুলেন্দ্ৰ দাস, বৰপেটা, ২২ অক্টোবৰ ঃ বৰপেটাৰ অতিৰিক্ত উপায়ুক্তক উৎকোচ দিব গৈ আজি সন্ধিয়া আটক হয় এগৰাকী কনিষ্ঠ অভিযন্তা। ঘটনা সন্দৰ্ভত জানিব পৰা মতে বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক জিলা উপায়ুক্তৰ কাৰ্যালয়ত  উৎকোচ দিব গৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা নাছিৰউদ্দিন আহমেদে। অতিৰিক্ত উপায়ুক্তগৰাকীয়ে এই ঘটনা সন্দৰ্ভত লগে লগে বৰপেটা থানাক অৱগত কৰে। বৰপেটা আৰক্ষীয়ে টকাসহ কনিষ্ঠ অভিযন্তা নাছিৰউদ্দিন আহমেদক আটক কৰি বৰপেটা থানালৈ লৈ আহে। জানিব পৰা মতে কনিষ্ঠ অভিযন্তাগৰাকীয়ে আজি সন্ধিয়া ৪০ হাজাৰ টকা উৎকোচ দিব গৈছিল অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত এক অনিয়মৰ তদন্ত কৰি আছে অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে।

No comments