Page Nav

HIDE

সঞ্জু চেমচনক লৈ ভৱিষ্যতবাণী শ্বেন ৱাৰ্নৰ

ডুবাই, ১ অক্টোবৰ ঃ ৰাজস্থান ৰয়েলছৰ বেটছমেন সঞ্জু চেমচনকলৈ এক ভৱিষ্যতবাণী কৰিছে শ্বেন ৱাৰ্নে। তেওঁ কয় যে ৰাজস্থান ৰয়েলছৰ বেটছমেন সঞ্জু চেমচনৰ...

ডুবাই, ১ অক্টোবৰ ঃ ৰাজস্থান ৰয়েলছৰ বেটছমেন সঞ্জু চেমচনকলৈ এক ভৱিষ্যতবাণী কৰিছে শ্বেন ৱাৰ্নে। তেওঁ কয় যে ৰাজস্থান ৰয়েলছৰ বেটছমেন সঞ্জু চেমচনৰ খেলৰ প্ৰদৰ্শন দেখি প্ৰভাৱিত হৈছোঁ। অনুভৱ কৰো যে আই পি এল ২০২০ত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ চেষ্টা যদি অব্যাহত ৰাখে তেন্তে সঞ্জু চেমচনে ভাৰতীয় দলত নিজৰ স্থান নিশ্চিত কৰিব পাৰিব আৰু তিনিওটা ক্ৰিকেট ফৰ্মেট খেলাৰ সুযোগ পাব। কেৰেলাৰ এইজন বেটছমেনক নিয়মিত ভাৱে ৰাষ্ট্ৰীয় দলত খেলুৱাৰ বিষয়টো যোৱা কিছু বছৰ ধৰি চৰ্চাত আছে। এনে সময়তে আই পি এলৰ দুখন মেচত ৭৪ আৰু ৮৫ ৰান সংগ্ৰহ কৰি এই চৰ্চাত আৰু অধিক ব’ল দিছে। ৰাজস্থান ৰয়েলছৰ মেণ্টৰ শ্বেন ৱাৰ্নে সংবাদ মাধ্যমৰ আগত কয় - সেই দিনটো বেছি দূৰত নাই য’ত সঞ্জু চেমচনে সক

লো ক্ৰিকেট ফৰ্মেটত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। তেওঁ লগতে কয় সঞ্জু চেমচনে এই বছৰৰ আই পি এল টুৰ্ণামেণ্টত নিৰন্তৰ ভাল প্ৰদৰ্শন দাঙি ধৰিব বুলি আশা কৰা হৈছে। তেওঁ যদি চলিত বছৰৰ টুৰ্ণামেণ্টত নিৰন্তৰ ভাল প্ৰদৰ্শন দাঙি ধৰিব পাৰে তেন্তে অনুভৱ কৰিব পাৰো তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। অষ্ট্ৰেলিয়াৰ জ্যেষ্ঠ ক্ৰিকেটাৰজনে কয় যে সঞ্জু চেমচন প্ৰতিভাশালী ক্ৰিকেটাৰ।  অনুশীলন কৰি থকাৰ পৰা তেওঁক প্ৰত্যক্ষ কৰি থকা হৈছিল আৰু তেওঁৰ প্ৰতিভা ধৰা পৰিছিল।