ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩০ অক্টোবৰ : ৰাজ্যত নতুন মুখ্য সচিব হিচাপে কাইলৈ আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব আন এগৰাকী অসমীয়া আই এ এছ বিষ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩০ অক্টোবৰ : ৰাজ্যত নতুন মুখ্য সচিব হিচাপে কাইলৈ আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব আন এগৰাকী অসমীয়া আই এ এছ বিষয়াই। কাইলৈ, অৰ্থাৎ ৩১ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই অৱসৰ গ্ৰহণ কৰিব। ৰাজ্যৰ মুখ্য সচিব হিচাপে কাক নিযুক্তি দিব ইয়াক লৈ বিভিন্ন জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে আজি জিষু্ণ বৰুৱাক মুখ্য সচিবৰ দায়িত্ব প্ৰদান কৰা হয়। উল্লেখ্য যে সম্প্ৰতি জিষ্ণু বৰুৱা ৰাজ্যৰ গৃহ, ৰাজনীতি, ৰাজহ আদি কেইবাটাও বিভাগত অতিৰিক্ত মুখ্য সচিব হিচাপে কৰ্মৰত হৈ আছে। ১৯৮৮ বেট্চৰ অসম-মেঘালয় কেডাৰ জিষ্ণু বৰুৱাই নিজৰ দক্ষতাৰে সেৱা আগবঢ়াই আছে।
No comments