গণবাতা, নামৰূপ, ১৬ অক্টোবৰ : যোৱা ১৪অক্টবৰ নিশা জয়পুৰ থানা অন্তৰ্গত 'ঠাকুৰ ব্ৰিকচ ফিল্ড' ওৰফে শংকৰ ইটা ভাটাত দুপৰনিশা সংঘটিত হয় এক ন...
গণবাতা, নামৰূপ, ১৬ অক্টোবৰ : যোৱা ১৪অক্টবৰ নিশা জয়পুৰ থানা অন্তৰ্গত 'ঠাকুৰ ব্ৰিকচ ফিল্ড' ওৰফে শংকৰ ইটা ভাটাত দুপৰনিশা সংঘটিত হয় এক নৃশংস হত্যা কান্ড। ভাটাৰ পৰিচালকৰ ভাষ্যমতে উক্ত নিশাই ৰাতি স্হায়ী নৈশিক চকীদাৰৰ পৰিবওে' কৰ্ম লৈ আহিছিল ঘাটমাওৰা ৰাজীৱ লোহাৰ (২৫) আৰু সেই নিশাই ৰাতি সহ কৰ্ম্মী বন্ধু হিচাপে পৰিচিত ৰামু মুন্ডাই ৰাজীৱক চুকা অস্ত্ৰৰে ইটাভাটাত উপযু-পৰি আক্ৰমণ কৰি পলায়ন কৰে। ততালিকে জয়পুৰ আৰক্ষীয়ে ঘটনা স্হলীত উপস্থিত হৈ আঘাত প্ৰাপ্ত ৰাজীৱক নাহৰকটীয়া চিভিল হস্পিটেললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই সংক্ৰান্তত ৰাজীৱৰ পৰিয়ালে জয়পুৰ থানাত। অই, পি, চি ৩০২ ধাৰা এক গোচৰ পঞ্জীয়ন কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। ইতিমধ্যে বিভিন্ন দল সংগঠনৰ লগতে জয়পুৰ আঞ্চলিক যুব ছাত্ৰ পৰিষদেও উক্ত ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে দোষীক শীঘ্ৰে কৰায়ত্ব কৰি উপযুক্ত শাস্তিৰ দাবী জনাইছে
No comments