Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট নিউ ৰোডৰ বয়েজেষ্ঠ মহিলা , ব্ৰিজিছ জাহানৰ মৃত্যু

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ২২ অক্টোবৰ :   যোৰহাট পৌৰসভাৰ এসময়ৰ উপ - পৌৰপতি প্ৰয়াত মহম্মদ চালেহৰ পৰিবাৰ তথা যোৰহাট নগৰৰ নিউভিল ৰোডৰ বয়েজ্যেষ্ঠ ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ২২ অক্টোবৰ :   যোৰহাট পৌৰসভাৰ এসময়ৰ উপ - পৌৰপতি প্ৰয়াত মহম্মদ চালেহৰ পৰিবাৰ তথা যোৰহাট নগৰৰ নিউভিল ৰোডৰ বয়েজ্যেষ্ঠ মহিলা ব্ৰিজিছ জাহানৰ আজি পুৱা প্ৰায় ৮:৪০, মান বজাত নিজ বাহগৃহতে ইহলীলাবৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৯৯ বছৰ । বাধ্যকজনিত কাৰণতে মৃত্যু হোৱা বুলি পুত্ৰ ৰফিক আহমেদে উল্লেখ কৰিছে । উল্লেখ্য যে ৯৯ বছৰ বয়সতো  বৃদ্ধ মহিলাগৰাকীয়ে দৈনিক বাতৰি কাকত পঢ়াৰ লগতে ঘৰৰ বিভিন্ন কিতাপ আদি পঢ়ে । দুদিনৰ পূৰ্বে ডায়েৰিয়া হৈ বৃদ্ধা গৰাকী দুৰ্বল হৈ পৰিছিল আৰু আজি তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত জাহানে পাঁচ জন পুত্ৰ ,তিনি গৰাকী জী, নাতি- নাতিনীকে ধৰি এক বৃহৎ পৰিয়াল ইহ সংসাৰত এৰি থৈ গৈছে । আজি বিয়লি যোৰহাট কবৰস্থানত জাহানৰ জানাজা সম্পন্ন কৰা হয় । উল্লেখ্য যে বিগত বৰ্ষত তেওঁৰ জ্যেষ্ঠ পুত্ৰ মহম্মদ চফীকৰ মৃত্যু হৈছিল ।


No comments