Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জলসিঞ্চনৰ নিযুক্তিত দিব্যাংগ লোকক প্ৰতাৰণাঃন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি দিব্যাংগক এলাগি কৰাত ক্ষুণ্ণ প্ৰতিবন্ধী সুৰক্ষা সংস্থা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ অক্টোবৰ ঃ শেহতীয়াকৈ জলসিঞ্চন বিভাগত সম্পন্ন হোৱা নিযুক্তি পৰীক্ষাত দিব্যাংগ লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ অক্টোবৰ ঃ শেহতীয়াকৈ জলসিঞ্চন বিভাগত সম্পন্ন হোৱা নিযুক্তি পৰীক্ষাত দিব্যাংগ লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই।  জলসিঞ্চন বিভাগে প্ৰকাশ কৰা ১২ অক্টোবৰত নিযুক্তি পৰীক্ষাৰ ফলাফলত অসন্তুষ্টি তথা স্বজন-তোষণৰ প্ৰশ্ন তুলি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে আজি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে কয় যে উচ্চ ন্যায়ালয়ত হোৱা এক লেখ আবেদন নং ৫৫৩য২০২০ নিৰ্দেশনা অনুসৰি জলসিঞ্চন বিভাগে অনুষ্ঠিত কৰা ৬৪৩টা পদৰ বিপৰীতে ৪ণ হাৰত ২৬টা পদ দিব্যাংগসকলৰ বাবে সংৰক্ষণৰ কথা ন্যায়ালয়ৰ নিৰ্দেশনাটোত স্পষ্টভাৱে উল্লেখ আছে। 

ন্যায়ালয়ৰ নিৰ্দেশনা থকাৰ পিছতো একমাত্ৰ নিজৰ মুনাফাৰ বাবে নিযুক্তিৰ ফলাফলত বিভাগটোৱে দিব্যাংগৰ নাম উল্লেখ নকৰিলে। তেওঁ লগতে এইদৰে কয় যে প্ৰতিবন্ধী আইন-২০১৬ৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি শেহতীয়াভাৱে ৩৯৭টা পদৰ বিপৰীতে ৪ শতাংশ হাৰে ১৬টা পদ পাব লাগিছিল যদিও মাত্ৰ ৯টা পদহে প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষণ কৰা বুলি ফলাফলত দেখা গৈছে। উল্লেখ কৰিব পাৰি যে বিভাগটোৱে নিযুক্তিৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপনৰ সময়তো দিব্যাংগৰ বাবে পদ সংৰক্ষণ কৰা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত সংগঠনটো ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে ৪ণ হাৰত সংৰক্ষণৰ নিৰ্দেশ দিছিল যদিও শেহতীয়াভাৱে ফলাফলৰ পিছত ন্যায়ালয়ৰ নিৰ্দেশনাকো অংগুষ্ঠ দেখুওৱাহে পৰিলক্ষিত হ’ল। যদিহে শীঘ্ৰে ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বিভাগটোৱে ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে দিব্যাংগসকলক কৰা প্ৰতাৰণাৰ বাবে বিভাগৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণেৰে যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব। 

তেওঁ লগতে কয় যে বিভাগত শীঘ্ৰে নিযুক্তিৰ বাবে নিৰ্বাচিত দিব্যাংগ লোকসকলৰ নম্বৰ তালিকা প্ৰকাশ কৰি প্ৰকৃত দিব্যাংগ লোকসকলক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰক। মালাকাৰে লগতে উল্লেখ কৰে যে জলসিঞ্চনৰ সমান্তৰালকৈ ৰাজ্যৰ অন্যান্য বিভাগসমূহেও দিব্যাংগ লোকসকল প্ৰাপ্য অধিকাৰৰ বৰা বঞ্চিত কৰি আহিছে। সংবাদ মেলত উল্লেখ কৰা অনুসৰি সমাজ কল্যাণ বিভাগৰো বহুতো বিষয়াৰ হেমাহিৰ বাবে ৰাজ্যখনৰ দিব্যাংগ লোকসকলে ন্যূনতম প্ৰমাণ-পত্ৰখন পাবলৈও সক্ষম হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজিও লাখ লাখ দিব্যাংগ লোক বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে। 

অন্যহাতে কেৱল কথাৰ ফুলজাৰিৰে নহয়, ২০২১ৰ পূৰ্বে সংগঠনে দাবী কৰি অহা মতে ৰাজ্যৰ প্ৰতিটো বিভাগৰে বেকলগ পদত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা, ২০১৮ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি ৪ৰ্থ বৰ্গৰ ৫১১টা পদত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰক্ৰিয়া অতিশীঘ্ৰে সম্পন্ন কৰা, গুৱাহাটীত দিব্যাংগ লোকসকলৰ বাবে এটা জিৰণি গৃহ নিৰ্মাণ কৰা,  দিব্যাংগ লোকসকলৰ বাবে চৰকাৰী বাসগৃহ প্ৰদান কৰা, লোকসভা, ৰাজ্যসভা, বিধানসভাকে ধৰি সকলোতে ৪ণ আসন সংৰক্ষণৰ লগতে সংগঠনৰ ২১ দফীয়া দাবীসমূহ অতিশীঘ্ৰে পালন কৰিবলৈ সংবাদ মেলৰ জৰিয়তে সংগঠনটোৱে আহ্বান জনায়। অন্যথা অনাগত দিনত হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰখন জগৰীয়া হ’ব বুলি সংগঠনটোৱে স্পষ্টভাৱে উল্লেখ কৰে। আজিৰ সংবাদ মেলত উপস্থিত আছিল সংগঠনৰ উপ-সভাপতি আতিকুৰ ৰহমান, সম্পাদক নৃপেন মালাকাৰ, নিকুদিন বসুমতাৰীৰ লগতে সংগঠনৰ কেইবাজনো নেতা-কৰ্মী।

No comments