Page Nav

HIDE

দিবনৰ মুখত বহু শীৰ্ষ বিষয়া, ৰাজনৈতিক নেতাৰ নামঃপাঁচ দিনৰ আৰক্ষী জিম্মাত প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত দিবন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ অক্টোবৰ ঃ অৱশেষত সকলো ধৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাই আৰক্ষীৰ জালত পৰিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ না...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ অক্টোবৰ ঃ অৱশেষত সকলো ধৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাই আৰক্ষীৰ জালত পৰিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ নামত ক’লা বজাৰ খোলা বিজেপি নেতা দিবন ডেকা। কালি নিশাৰ ভাগত আৰক্ষীয়ে বৰপেটাৰ পাটাছাৰকুছিৰ পৰা দিবনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিশাৰ ভাগতেই দিবনক অপৰাধ অনুসন্ধান শাখাই এক গোপন স্থানত ৰাখি মাৰাথন জেৰা চলায়। আজি অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ নামত মুকলি বজাৰ খুলি লুণ্ঠন চলোৱা দিবন ডেকাক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ৪১৮য৪২০য১২০ (বি) ভাৰতীয় দণ্ডবিধি আইনৰ ১৩য২০২০ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হোৱা দিবন ডেকাক অপৰাধ অনুসন্ধান শাখাই কেলেংকাৰী সন্দৰ্ভত আৰু অধিক তথ্য উদ্ঘাটনৰ বাবে সাত দিনৰ জিম্মাত বিচাৰে। ন্যায়াধীশ টি ৱাই হাজৰিকাৰ আদালতে পাঁচ দিনৰ বাবে দিবনক ক্ৰাইম ব্ৰান্সৰ জিম্মাত দিয়ে। আজিৰ শুনানি কালত দিবনৰ হৈ কোনো অধিবক্তা উপস্থিত নাছিল। অহা ৬ অক্টোবৰত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। আদালতৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই তেওঁলোকৰ মুখ্য কাৰ্যালয়ত আবদ্ধ কৰি ৰাখি দিবন ডেকাক মাৰাথন জেৰা চলায়। উক্ত জেৰাৰ কালত দিবনে বহু শীৰ্ষ বিষয়া আৰু ৰাজনৈতিক নেতাৰ নাম উচ্চাৰণ কৰে বুলি আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

 জেৰাত আৰু বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। উল্লেখ্য যে প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰমাইণ্ড আছিল বিজেপি নেতা দিবন ডেকা। ৰাজনৈতিক প্ৰভাৱ খটুৱাই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ চাকৰিৰ মুকলি বজাৰ খুলিছিল। প্ৰতিটো পদৰ বিনিময়ত দহ লাখ টকাকৈ চুক্তি কৰিছিল। আগধন হিচাপে দুটা কিস্তিত সংগ্ৰহ কৰা হৈছিল ছয় লাখ টকা। দিবন ডেকাৰ সহযোগী হিচাপে আন বহুকেইজনে কাম কৰিছিল। ইতিমধ্যে অভিযান কালত বহু লোক গ্ৰেপ্তাৰ হৈছে। অভিযান কালত পোহৰলৈ আহিছে যে দিবন ডেকায়েই প্ৰশ্নকাকত ফাদিল কৰিছিল। উক্ত ফাদিল প্ৰশ্নকাকতেৰে ভাৰ্গৱ হোটেল আৰু থেংক ইউ লজত প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। যিসকল প্ৰাৰ্থীৰ পৰা আগধন লোৱা হৈছিল সেই প্ৰাৰ্থীসকলক লৈ গোপনে ফাদিল প্ৰশ্নকাকতেৰে প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

ইতিমধ্যে নলবাৰীৰ কুমুদ গোস্বামী, প্ৰাঞ্জল শৰ্মা, হীৰকজ্যোতি বৰুৱা, ৰূপম ডেকা, ঋতুৰাজ বৰা, জয়দেৱ বৰুৱা, অকলেশ বৈশ্য, প্ৰণৱ বৰা, বিমল থাপা, ধ্ৰু¸ৱজ্যোতি দাস, অশোক দাস, সঞ্জীৱ শৰ্মা, কুশল দাস, যোগমায়া ব্ৰহ্ম, কুলদীপ ৰাজবংশী, নিতুল বৰ্মন, পাৰ্থপ্ৰতিম পাঠক, সঞ্জীৱ বৰ্মন, হৰকট আলী আৰক্ষীৰ জালত পৰিছে। মন কৰিবলগীয়া যে এতিয়াও মূল খলনায়ক তথা প্ৰাক্তন ডিআইজি পি কে দত্ত পলাতক হৈ আছে। এইগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা আৰক্ষী।  গ্ৰেপ্তাৰৰ ভয়ত পি কে দত্তই বহিঃৰাজ্যত আত্মগোপন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এইগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ পত্নী মালিকানাধীন ভাৰ্গৱ হোটেল ছীল কৰা হৈছে। দত্তৰ সন্ধানত আৰক্ষীৰ অভিযানকাৰী দলে অব্যাহত ৰাখিছে অনুসন্ধান। দত্ত গ্ৰেপ্তাৰ হ’লেই পোহৰলৈ আহিব কেলেংকাৰীৰ বহু চাঞ্চল্যকৰ তথ্য।