Page Nav

HIDE

ধৰ্ষিতাৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱা ৰাহুল-প্ৰিয়ংকাক গতিয়াই দিলে আৰক্ষীয়ে

মোদীয়েই কেৱল দেশত খোজকাঢ়িব পাৰে নেকি ? ৰাহুলৰ প্ৰশ্ন লক্ষ্ণৌ, ১ অক্টোবৰ ঃ হাথৰচৰ ধৰ্ষণৰ বলি হোৱা যুৱতীৰ পৰিয়ালক ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গা...

মোদীয়েই কেৱল দেশত খোজকাঢ়িব পাৰে নেকি ? ৰাহুলৰ প্ৰশ্ন

লক্ষ্ণৌ, ১ অক্টোবৰ ঃ হাথৰচৰ ধৰ্ষণৰ বলি হোৱা যুৱতীৰ পৰিয়ালক ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰাই সাক্ষাৎ কৰিবলৈ যাওঁতেই উত্তৰ প্ৰদেশত হুলস্থ²লীয়া পৰিৱেশৰ সূত্ৰপাত হয়। মঙলবাৰে দিল্লীত ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত আজি তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যায় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ লগতে ভগ্নী প্ৰিয়ংকা গান্ধী। এনে সময়তেই উত্তৰ প্ৰদেশ আৰক্ষীয়ে ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালক ৰাহুল-প্ৰিয়ংকাই সাক্ষাৎ কৰাৰ পূৰ্বেই দুয়োজনক গ্ৰেপ্তাৰ কৰে। ইমানেই নহয়, উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৰ্বৰতাৰে ৰাহুল গান্ধীক গঁতিয়াই বগৰাই দিয়ে। ইয়াৰ পিছত ৰাহুল গান্ধীয়ে কয় যে আৰক্ষীয়ে মোক গঁতিয়াই বগৰাই দিয়ে। লগতে লাঠিৰেও প্ৰহাৰ কৰে। আমাৰ গাড়ী আগবাঢ়ি যোৱাতো বাধা দিয়ে। সেইবাবে খোজ কাঢ়ি যোৱাৰে সিদ্ধান্ত লৈছিলো। এনে সময়তো উত্তৰ প্ৰদেশ আৰক্ষীয়ে বাধা দিয়ে। তেওঁ কয়- ভাৰতত কেৱল মোদীয়েহে খোজ কাঢ়িব পাৰে নেকি• মোদীয়েই কেৱল বিমানত যাত্ৰা কৰিব পাৰে নেকি বুলি প্ৰশ্ন কৰে ৰাহুল গান্ধীয়ে। উল্লেখ্য যে ৰাহুল আৰু প্ৰিয়ংকাই হাথৰচ ধৰ্ষণৰ বলি হোৱা পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত ৰাহুল আৰু প্ৰিয়ংকাক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছ ৱে’ত বাধা দিয়ে। যেতিয়া এই বাধা ওফৰাই আগবাঢ়িবলৈ চেষ্টা কৰে তেতিয়াই দুয়োজনক দিনৰ আঢ়ৈ বজাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে আৰু পিছত দুয়োজনক গেষ্ট হাউছলৈ লৈ যায় উত্তৰ প্ৰদেশ আৰক্ষীয়ে। ৰাহুল আৰু প্ৰিয়ংকাই কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ সৈতে দিনৰ ডেৰ বজাত এক্সপ্ৰেছ ৱে’ত উপস্থিত হৈছিল। তেওঁলোকক উত্তৰ প্ৰদেশ আৰক্ষীয়ে বাধা দিয়ে। ইয়াৰ পিছত তেওঁলোকে খোজ কাঢ়ি যোৱাৰ চেষ্টা চলায়। কিছুদূৰ খোজ কাঢ়ি যোৱাৰ পিছতেই আৰক্ষীয়ে  ৰাহুল-প্ৰিয়ংকাকে ধৰি কংগ্ৰেছৰ কৰ্মকৰ্তাসকলক আগবাঢ়ি যোৱাত বাধা দিয়ে। এনে সময়ছোৱাত আৰক্ষীৰে হতাহতি হৈ কংগ্ৰেছৰ কৰ্মকৰ্তাসকল। তেনে সময়ত আৰক্ষীয়ে ৰাহুল গান্ধীক প্ৰহাৰ কৰে। যাৰ বাবে ৰাহুল গান্ধী আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতেই উত্তৰ প্ৰদেশ আৰক্ষীয়ে কয় যে ৰাহুল-প্ৰিয়ংকাক দিল্লীলৈ উভতি যাবলৈ কোৱা হৈছে। যদি সেই আহবান গ্ৰহণ নকৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইফালে ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ কৰাক লৈ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে এক্সপ্ৰেছ ৱে’ত প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰে।