Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নলবাৰীত শক্তি দেখুৱালে প্ৰদ্যুৎ-দিগন্তই,ছয় শতাধিকৰ কংগ্ৰেছত যোগদান

   মোদী দেশৰ নিকাম্মা সন্তানঃ ৰিপুন বৰা এম মহিবৰ ৰহমান, নলবাৰী, ২১ অক্টোবৰ ঃ দুহেজাৰ একৈশৰ নিৰ্বাচনলৈ টঙালি বান্ধিছে কংগ্ৰেছে। নলবাৰী জিলাত ...

 


 মোদী দেশৰ নিকাম্মা সন্তানঃ ৰিপুন বৰা

এম মহিবৰ ৰহমান, নলবাৰী, ২১ অক্টোবৰ ঃ দুহেজাৰ একৈশৰ নিৰ্বাচনলৈ টঙালি বান্ধিছে কংগ্ৰেছে। নলবাৰী জিলাত শক্তিশালী ৰূপত আগবাঢ়িছে প্ৰধান বিৰোধী কংগ্ৰেছ । দুহেজাৰ একৈশৰ নিৰ্বাচনক লক্ষ্য কৰি প্ৰাক্‌-নিৰ্বাচনী ৰণডংকা আৰম্ভ কৰিছে কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা আৰু জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনৰ নেতৃত্বত বুধবাৰে নলবাৰী ৰাজীৱ ভৱনত কংগ্ৰেছত এক গণ যোগদান সমাৱেশ অনুষ্ঠিত কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা , প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন, প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ উপস্থিতিত নলবাৰী সমষ্টিত চাৰি শতাধিক আৰু বৰক্ষেত্ৰী সমষ্টিৰ দুই শতাধিকসহ প্ৰায় ছয় শতাধিকে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। 

এই যোগদান পৰ্বত নলবাৰী জিলা উকীল সন্থাৰ সভাপতি তথা প্ৰবীণ অগপ নেতা তাজুদ্দিন আহমেদে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছত যোগদান কৰি প্ৰবীণ অগপ নেতা তাজুদ্দিন আহমেদে কংগ্ৰেছত কোনোদিনে লবী ৰাজনীতি নকৰাৰ অংগীকাৰ কৰি বিজেপিয়ে মুছলমানক হকে-বিহকে সমালোচনা কৰি থকা কাৰ্যত উদ্বেগ প্ৰকাশ কৰি মুছলমানেও ইয়াৰ পিছত বহি নাথাকি প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত হোৱাৰ কথা ব্যক্ত কৰে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই আঁত ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ অধিবক্তা তাজুদ্দিন আহমেদৰ সৈতে নলবাৰী বাৰ কাউন্সিলৰ প্ৰায় চল্লিশগৰাকী উকীলে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছত যোগদান কৰাসকলক আদৰণি জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ নিকাম্মা সন্তান বুলি অভিহিত কৰি বিজেপি চৰকাৰে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ মূল্য ৮৩০ টকাতে সীমাবদ্ধ কৰিব বিচৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। 

অনুষ্ঠানটোৰ আৰম্ভণিতে আদৰণী ভাষণ দি জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ চৰকাৰে নিবনুৱাক জীয়াই থকাৰ পথ মুকলি কৰি দিব বুলি আশ্বাস প্ৰদান কৰে। সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনেও ভাষণ দিয়ে। সভাখনত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডঃ মঞ্জুৰা মোহন কলিতা, সম্পাদক আনোৱাৰ আহমেদ, প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক খাইৰুল হক চৌধুৰী, প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ৰাতুল পাটোৱাৰী, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মজিব আলী, দিব্যজ্যোতি হালৈ, মন্টু মেধি, লুটফুৰ ৰহমান, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ আদি উপস্থিত থাকে।

No comments