Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিহাৰত ৭১ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ৮ মন্ত্ৰীসহ ই ভি এমত বন্দী ১০৬৬ প্ৰাৰ্থীৰ ভাগ্য

পাটনা, ২৮ অক্টোবৰ ঃ আজি পুৱাৰে পৰা প্ৰায় শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। বুধবাৰে বিহাৰ নিৰ্বাচনৰ প্ৰথ...

পাটনা, ২৮ অক্টোবৰ ঃ আজি পুৱাৰে পৰা প্ৰায় শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। বুধবাৰে বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৬খন জিলাৰ ৭১খন আসনৰ বাবে ভোট গ্ৰহণ কৰা হয়। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭১টা বিধানসভা সমষ্টিৰ মুঠ ১,০৬৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আজি ইভিএমত ভাগ্য বন্দী হোৱা প্ৰাৰ্থীৰ ভিতৰত ৯৫২গৰাকী পুৰুষ আৰু ১৪৪গৰাকী মহিলা প্ৰাৰ্থী আছে। কোৰোনা মহামাৰীৰ ভয়াৱহতা থকা সত্ত্বেও হিলদল ভাঙি ভোটদান কৰিবলৈ ওলাই আহি ভোটদান কেন্দ্ৰত ভিৰ কৰে বিহাৰৰ ১৬খন জিলাৰ ভোটাৰে। পুৱাৰে পৰা অনুষ্ঠিত ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৬ বজাত  সমাপ্ত হয়। সন্ধিয়া ৬ বজালৈকে মুঠ ৫৩-৫৩ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বুলি নিৰ্বাচন আয়োগৰ তৰফৰ পৰা জানিবলৈ দিছে। ইফালে, কৈমূৰৰ 

ৰামগড় ভোটকেন্দ্ৰত দুগৰাকী প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি লাভ কৰা হৈছে। তদুপৰি গয়া আৰু আৰাতো বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। গয়া জিলাৰ টিকাৰী বিধানসভা এলেকাত মহাজোঁটৰ প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ সংঘটিত হয়। গুলীচালনা, গাড়ীৰ গ্লাছ ভাঙি দিয়ে। আৰাত আৰ জে ডিৰ বিধায়ক সৰোজ যাদৱৰ ওপৰতো আক্ৰমণ সংঘটিত হয়। ইফালে, ১২৩নং ভোটকেন্দ্ৰত ৮৫বৰ্ষীয় বালচান্দ যাদৱ নামৰ এগৰাকী বৃদ্ধই আজি দুপৰীয়া নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত নিজ গৃহত উপস্থিত হোৱাৰ পিছত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে, নক্সাল অধ্যুষিত মুজমালপুৰ বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয়। এই সমষ্টিত ভোটাৰৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়। 

আজি শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ পিছত ৭১খন আসনৰ ভিতৰত ৫৫খনতেই মহাজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি আৰ জে ডিয়ে দাবী কৰিছে। উল্লেখ্য যে তিনিটা পৰ্যায়ত এইবাৰ বিহাৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰে আজি প্ৰথম পৰ্যায়ৰ ৭১টা সমষ্টিত ভোট গ্ৰহণ কৰা হয়। ই ভিএমত ভাগ্য বন্দী হয় ৮গৰাকী মন্ত্ৰীকে ধৰি কে’বাজনো হেভিৱেট প্ৰাৰ্থীৰ। আজি ই ভিএমত ভাগ্য বন্দী হোৱা হেভিৱেট প্ৰাৰ্থীৰ ভিতৰত আছে কৃষিমন্ত্ৰী প্ৰেম কুমাৰ, শিক্ষামন্ত্ৰী কৃষ্ণনন্দন প্ৰসাদ বৰ্মা, গ্ৰামীণ উন্নয়ন মন্ত্ৰী শৈলেশ কুমাৰকে ধৰি কে’বাজনো। বুধবাৰে ২,১৪,৮৪,৭৮৭গৰাকী ভোটাৰে নিজৰ নিজৰ পছন্দৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰে।

No comments