শান্তি-সম্প্ৰতিৰ কমনাৰে মাহযোৰা বন্তি প্ৰজ্বলন সত্ৰাধিকাৰ ডo পীতাম্বৰ দেৱ গোস্বামী: আলোকিত হল আকাশ আউনীআটী সত্ৰৰ পৰা পৰাণজ্যোতি বৰা, মাজুলী...
শান্তি-সম্প্ৰতিৰ কমনাৰে মাহযোৰা বন্তি প্ৰজ্বলন সত্ৰাধিকাৰ ডo পীতাম্বৰ দেৱ গোস্বামী: আলোকিত হল আকাশ
আউনীআটী সত্ৰৰ পৰা পৰাণজ্যোতি বৰা, মাজুলী, ১৭ অক্টোবৰ : উলহ-মালহৰে নদীদ্বীপ মাজুলীটো পৰম্পৰা অনুসৰি গাঁৱৰ লগতে সত্ৰ অনুষ্ঠান সমূহতো কাতি বিহু উদযাপন কৰা হয়। মাজুলীৰ ঐতিহাসিক আউনীআটী সএত পৰম্পৰাগত ভাবে কতি বিহু পালন কৰে। এইলৈ সত্ৰখনত উৎসৱ মুখৰ পৰিবেশ।সত্ৰখনত প্ৰতিষ্ঠা কলৰে পৰা ৩৬৭ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱ সকলে ২১ যোৰা বন্তি প্ৰজ্বলন কৰি সত্ৰখনৰ বৈষ্ণৱৰ লগতে বিশ্ববাসীৰ সুখ শান্তিৰ কামনা কৰে।সেই উদ্দেশ্যে কাতি বিহুৰ দিনা পুৱা গোবিন্দ মহাপ্ৰভুৰ ওচৰত পূজা-অৰ্চনাৰ পাছতেই বৰাগী নাম, বৰনাম,ভাগৱত পাঠ, গায়ন-বায়ন, প্ৰসংগ, পালনাম প্ৰসংগ আদি পৰম্পৰাগত নাম কীৰ্ত্তন অনুষ্ঠিত হয়। ইয়াৰ পাছতে বিয়লি ২-৩০ বজাৰ পৰা সত্ৰখনৰ বৈষ্ণৱৰ সকলে হিয়া নাম, দিহা নাম, নটুবা নৃত্য, ওজাপালিৰে নামঘৰৰ চৌপাশ মুখৰিত কৰি সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামী ডেকা সত্ৰাধিকাৰৰ লগতে সত্ৰৰ বৈষ্ণৱ সকলে জয়ধ্বনি কৰি গায়ন-বায়ন, ঢোল-খোল, শংখ-ঘণ্টা,দবা-কাঁহ বজাই মূল নামঘৰৰ পৰা ওলাই আহি নামঘৰৰ সমীপৰ মুকলি আকাশৰ তলত বিশেষ ভাবে বাঁহৰ খুটাৰে নিৰ্মাণ কৰা আকাশ বন্তি থলিত প্ৰৱেশ কৰে।উক্ত স্থানত সত্ৰখনৰ বৰপূজাৰীয়ে তুলসী পূজাৰ মন্ত্ৰ উচ্চাৰণৰ লগে লগে সত্ৰাধিকাৰ সহিতে বৈষ্ণৱ সকলে আকাশ বন্তিৰ থলীত উঠা নাম পৰিবেশন কৰি চৌপাশ মুখৰিত কৰি চাৰিপাক পৰিক্ৰমা কৰি সেৱা জনাই সত্ৰাধিকাৰ ডo পীতাম্বৰ দেৱ গোস্বামীয়ে বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে।ইয়াৰ পাছতে সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী সহিতে সত্ৰখনৰ মুখিয়াল সকলে একোগছিকৈ বন্তি প্ৰজ্বলন কৰাৰ পছতেই ৰছীৰ সহায়ত ৩০ ফুট ওপৰলৈ তুলি দিয়ে।লগে লগে ২১ গছি বন্তিৰ পোহৰৰে আলোকিত হৈ পৰে আকাশ। বিশ্বাস আছে যে এই প্ৰজ্বলিত বন্তিৰে পূৰ্ব পুৰুষ সকলক উদ্ধাৰ কৰে। বন্তি প্ৰজ্বলন কৰি সত্ৰাধিকাৰ গৰাকীয়ে সাংবাদিকক কয় এই বন্তি প্ৰজ্বলনৰ যোগেদি সকলোৱে মাজলৈ শান্তি সম্পত্তি কঢ়িয়াই অনাৰ লগতে মাজুলী শাৰদীয় উৎসৱ ৰাস, পালনামৰ শুভাৰম্ভনি হল বুলি উল্লেখ কৰে।ইয়াৰ পাছতে সত্ৰাধিকাৰ ,ডেকা সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱ সকল নামঘৰত প্ৰৱেশ কৰি গোবিন্দৰ মহাপ্ৰভু চৰণত সেৱা জানাই অনুষ্ঠানৰ সামৰণি পৰে। উক্ত দৃশ্য উপভোগ কৰিবলৈ স্থানীয় অঞ্চলৰ লোকেও অংশ গ্ৰহণ কৰা দেখা গল।
No comments