ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৪ অক্টোবৰ : কোৰোনাৰ প্ৰতি জনসাধাৰণ নিভয় হলেও দেশত দূত গতিত বৃদ্ধি হৈছে কোৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা । ভাৰত বৰ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৪ অক্টোবৰ : কোৰোনাৰ প্ৰতি জনসাধাৰণ নিভয় হলেও দেশত দূত গতিত বৃদ্ধি হৈছে কোৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা । ভাৰত বৰ্ষত লাখৰ ঘৰ অতিক্ৰম কৰিলে মৃত্যুৰ সংখ্যা । কোৰোনা আক্ৰান্ত হৈ আজিৰলৈকে ভাৰতত ১০০৮৪২ জন লোক মৃত্যু হৈছে । মুঠ ৬৪৭৩৫৪৪ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৫৪২৭৭০৫ জন লোকৰ ভাল হৈছে । অসমত ১৮৩৪১২ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ভাল হৈছে ১৪৮৯৬৩ জন আৰু মৃত্যু মুখত পৰিছে ৭২১ জন । সেইমতে যোৰহাটতো ক্ৰমাৎ ভয়ানক ভাবে সংক্ৰমণ ঘটিছে মাৰাত্মক কভিড ১৯ৰ। প্ৰতিদিনেই বাঢ়ি গৈছে কভিড ১৯ত আক্ৰান্তৰ সংখ্যা। আজি যোৰহাট জিলাত ৫৬ জন লোক কভিডত আক্ৰান্ত হোৱাৰ লগতে তিনি জন লোকৰ মৃত্যু হৈছে । লোক কেইজন হল যোৰহাট মেলেংৰ প্ৰফুল্ল শইকীয়া (৭৯) , যোৰহাট লিচুবাৰীৰ চুমনাথ ফুকন(৮৪) আৰু মৰিয়নীৰ পাঠিক গগৈ(৭৮) । উল্লেখ্য যে যোৰহাটত ৯৯৬২ জন ব্যক্তি কভিড ১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৪৮৯ জন লোক ইতিমধ্যে সুস্থ হৈছে । বৰ্তমান যোৰহাটত ১৩৭৯ জন ৰোগী কভিড ১৯ত আক্ৰান্ত হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে আৰু আজিলৈকে ৪৩ জন আক্ৰান্তৰ মৃত্যু ঘটিছে।
No comments