Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উৎসৱৰ সময়ত কোৰোনাৰ প্ৰাদুৰ্ভাৱ ভয়াৱহ হোৱাৰ আশংকা স্বাস্থ্য মন্ত্ৰালয়ৰ

নতুন দিল্লী, ১১ অক্টোবৰ ঃ উৎসৱৰ বতৰৰ সময়ছোৱাত পুনৰাই দেশত কোৰোনাই ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। দেশবাসী...



নতুন দিল্লী, ১১ অক্টোবৰ ঃ উৎসৱৰ বতৰৰ সময়ছোৱাত পুনৰাই দেশত কোৰোনাই ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। দেশবাসীক উৎসৱৰ সময়ছোৱাত সজাগ-সচেতন হৈ থাকিবলৈ আহবান জনায় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে উৎসৱৰ সময়ছোৱাত তেওঁলোকে সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰি থকাৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন। অন্যথা দেশত কোৰোনাই ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা আছে। আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে প্ৰকাশ কৰিছে যে অহা সপ্তাহৰ পৰা নৱৰাত্ৰি, দচেৰা, ধন তেৰাছ, দীপাৱলী, কালীপূজা, লক্ষ্মী পূজাসহ বহু উৎসৱ আৰম্ভ হ’ব। এনে সময়ছোৱাত জনতাৰ সমাগম হোৱাটো প্ৰায় নিশ্চিত বুলি  প্ৰকাশ কৰি তেওঁ কয় যে উৎসৱৰ সময়ছোৱাত জনতাই নিজকে সজাগ-সচেতন কৰি ৰাখিব লাগিব। 

ৰাইজলৈ আহবান জনাই তেওঁ কয় যে উৎসৱৰ সময়ছোৱাত এজনে আনজনৰ পৰা দূৰত্ব বজাই ৰখাটো প্ৰয়োজন আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিব লাগিব। ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি নীতি-নিৰ্দেশনা জাৰি কৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে উৎসৱৰবতৰত কোৰোনাৰ পাদুৰ্ভাৱ নিশ্চিতভাৱে অধিক বুলি উল্লেখ কৰি তেওঁ কয় এনে সময়ছোৱাত জনতাই নিজে সতৰ্ক হৈ থাকিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি জন আন্দোলন আৰম্ভ কৰিছে। যদি এই জন আন্দোলনত সকলোৱে সমভাৱে অংশীদাৰিত্ব বহন কৰে তেন্তে বিপদৰ পৰা বহু পৰিমাণে হাত সাৰিব পৰা যাব। 

উৎসৱৰ সময়ছোৱাত এই কথা পাহৰিব নালাগিব যে আমি এক মহামাৰীৰ সৈতে যুঁজ দি আছোঁ। বৰ্তমানো এই মহামাৰীয়ে দেশৰ ভয়াৱহতাৰ সৃষ্টি কৰি আছে। উল্লেখ্য যে ভাৰতত বৰ্তমানো কোৰোনাৰ ভয়াৱহতা বৰ্তি আছে। যোৱা ২৪ ঘণ্টাত ৭০ হাজাৰতকৈ অধিক লোক কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে। দেশত কোৰোনাৰ আক্ৰান্তৰ সংখ্যা ৬০ লাখ অতিক্ৰম কৰিছে আৰু মৃতকৰ সংখ্যা লক্ষাধিক হৈছেগৈ। এনে সময়ছোৱাতেই এতিয়া উৎসৱৰ বতৰক লৈ মতলীয়া হৈ আছে দেশবাসী।  সেইবাবেই দেশবাসীক উৎসৱৰ বতৰত সজাগ-সচেতন হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য মন্ত্ৰালয়ে।

No comments