Page Nav

HIDE

দীৰ্ঘবছৰে কোনে চলাইছিল ৱাকফ ব’ৰ্ডত লুণ্ঠন ? বৰ্তমান ৱাক্‌ফ ব’ৰ্ডৰ বিষয়ববীয়াৰ উদ্যোগত ৭৫,৯৬,৩৮৩ টকা উপাৰ্জন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ অক্টোবৰ : বছৰ বছৰ ধৰি অসম ৱাকফ ব’ৰ্ডত এটা চক্ৰই একপ্ৰকাৰ লুণ্ঠন চলাইছিল সেয়া যেন পানীৰ দৰে আজি স্পষ্ট হৈছে। ব’ৰ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ অক্টোবৰ : বছৰ বছৰ ধৰি অসম ৱাকফ ব’ৰ্ডত এটা চক্ৰই একপ্ৰকাৰ লুণ্ঠন চলাইছিল সেয়া যেন পানীৰ দৰে আজি স্পষ্ট হৈছে। ব’ৰ্ডৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি এই চক্ৰটোৱে কোটি কোটি টকা ৱাকফ সম্পত্তিৰ নামত  ব্যক্তিগত পুঁজি টনকিয়াল কৰিছিল সেয়া সম্প্ৰতি প্ৰমাণিত হ’ল। এনে লুণ্ঠনৰ বাবেই বিগত বৰ্ষসমূহত অসম ৱাকফ ব’ৰ্ডত সংগ্ৰহ হোৱা নাছিল ব’ৰ্ডে পাবলগীয়া পুঁজি। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্তৰ নেতৃত্বত ব’ৰ্ড গঠন নোহোৱাকৈ মুখ্য কাৰ্যবাহী বিষয়া চৈয়দা হাছিনা মুৰছিদ ৰহমানৰ প্ৰত্যক্ষ পৰিচালনাত বিগত দিনত ৱাকফ ব’ৰ্ডত যথেষ্ট হাৰত ৰাজহ সংগ্ৰহ হৈছে।

 মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশত সংখ্যালঘু কল্যাণ বিভাগৰ সচিব তথা অসম ৱাকফ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী চৈয়দা হাছিনা মুৰছিদ ৰহমানে এগৰাকী মহিলা পৰিদৰ্শক জান্নাতুন নঈমৰ সহযোগত ব’ৰ্ডক এক সঠিক গতি দিবলৈ সক্ষম হোৱাৰ লগতে কেৱল দুটা বৰ্ষতেই ফাঁচীবজাৰৰ অহিদুৰ ৰহমান ৱাকফ সম্পত্তিৰ পৰা আমানত ধনসহ ৫৫,৯৬,৩৮৩ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এই ধনৰাশি অকল ফাঁচীবজাৰৰ ব্যৱসায়ীসকলৰ ঘৰ ভাৰা আৰু নতুন লীজ চুক্তিৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে। তথ্য অনুসৰি ২০১৮-১৯ বিত্তীয় বৰ্ষত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰি ফাঁচীবজাৰৰ অহিদুৰ ৰহমান ৱাকফ সম্পত্তিৰ পৰা ১৪,৬১,৬৯২ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়। একেদৰে ২০১৯-২০ বিত্তীয় বৰ্ষত এই ধন ২৮,১৪,৮৫৬ টকালৈ বৃদ্ধি পায়। অৰ্থাৎ দুটা বৰ্ষতেই ফাঁচীবজাৰৰ ৱাকফ সম্পত্তিৰ পৰা কেৱল ভাৰাৰ বাবদ ৪২,৭৬,৫৭৮ টকা সংগ্ৰহ হয়। 

চলিত বৰ্ষত এতিয়ালৈকে সংগ্ৰহ হোৱা পঁুজি আৰু পূৰ্বৰ সংগৃহীত পঁুজি লৈ ব’ৰ্ডৰ উপাৰ্জনৰ ধন ৭৫,৯৬.৩৮৩ টকা। যাৰ ফলত এই সংগৃহীত ধনৰ পৰাই শেহতীয়াকৈ দেশৰ লগতে অসমতো মহামাৰী ৰূপ ধাৰণ কৰা কোৰোনাবিৰোধী যুঁজৰ বাবে অসম ৱাকফ ব’ৰ্ডৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ পুঁজিলৈ ১৫ লাখ টকা আগবঢ়াবলৈ সক্ষম হয়। শেহতীয়াকৈ ব’ৰ্ডে ৱাকফ সম্পত্তি নিজৰ দখললৈ অনাৰ ক্ষেত্ৰত এক পৰিৱেশ সৃষ্টি কৰিছে আৰু ব্যৱসায়ীসকলে ব’ৰ্ডৰ সৈতে নিজাববীয়াকৈ যোগাযোগ অব্যাহত ৰাখিছে। একপ্ৰকাৰ ব’ৰ্ডৰ ভিতৰচ’ৰাত পূৰ্বে গঢ়ি উঠা মধ্যভোগী চক্ৰটো প্ৰায় উৎখাত হৈছে। ৱাকফ ব’ৰ্ডৰ ৰাজহ বিপুল হাৰত বৃদ্ধি পোৱাৰ বাবে এতিয়া এটা চক্ৰই শংকিত হৈ সমস্ত প্ৰক্ৰিয়াটোক বাধা দিবলৈ উঠিপৰি লাগিছে বুলি জানিব পৰা গৈছে। নিজৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত এই চক্ৰটোৱে এতিয়া ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিবলৈ এসময়ৰ কংগ্ৰেছ কৰ্মী বৰ্তমান তথা বিজেপি কৰ্মী বুলি দোহাই  দি কুটিল ষড়যন্ত্ৰ চলাই থকাৰ অভিযোগ উত্থাপন হৈছে। মন কৰিবলগীয়া যে ২০১৭ বৰ্ষত তেতিয়াৰ ব’ৰ্ডৰ অধ্যক্ষ নেকিবুৰ জামানৰ কাৰ্যকাল শেষ হোৱাৰ পিছতেই বিভাগীয় মন্ত্ৰীৰ নেতৃত্বত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে নিজাববীয়াকৈ ৱাকফ ব’ৰ্ড পৰিচালনা  কৰিবলৈ আৰম্ভ কৰিছে।

 এই দুটা বৰ্ষতেই ফাঁচীবজাৰৰ অহিদুৰ ৰহমান ৱাকফ সম্পত্তিৰ ১৪ বিঘা, ২ কঠা, ১৩ লেচা ভূমিত থকা তাৰে বৃহৎসংখ্যক ভূমি বৰ্তমান বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে। এই সময়ছোৱাতেই ব্যৱসায়ীসকলৰ সৈতে ব’ৰ্ডে পোনপটীয়াকৈ নতুনকৈ ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে অধিকাংশ ব্যৱসায়ীয়ে নিজাববীয়াকৈ ব’ৰ্ডৰ সৈতে যোগাযোগ কৰি তেওঁলোকে নতুনকৈ লীজ চুক্তি কৰি আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে বেদখলমুক্ত কৰা ৱাকফ সম্পত্তিত ব’ৰ্ডৰ ফালৰ পৰা নিজাববীয়াকৈ হৰ্ডিং, বেনাৰ স্থাপন কৰা হৈছে। উল্লেখ্য যে বৰ্তমান ব’ৰ্ড নোহোৱা সত্ত্বেও এগৰাকী মহিলা কাৰ্যবাহী বিষয়াৰ উদ্যোগত অসমৰ বিভিন্ন স্থান— গুৱাহাটীকে আদি কৰি যোৰহাট, নগাঁও, ধুবুৰী, তেজপুৰ আদি স্থানত থকা ৱাকফ সম্পত্তিসমূহত ফলক আঁৰি দি বেদখল হোৱা সম্পত্তিসমূহ বৰ্তমান ৰাইজৰ ওচৰত চকুত পৰাকৈ দেখুৱাবলৈ সক্ষম হৈছে।২০১৮ৰ পৰা ২০২০ এই দুটা বৰ্ষত ফাঁচীবজাৰৰ ৱাকফ সম্পত্তিৰ ভাৰা আৰু নতুন চুক্তিৰ জৰিয়তে আমানত ধন হিচাপত যথেষ্ট হাৰত ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ব’ৰ্ডে। 

যোৱা দুটা বৰ্ষত সংগ্ৰহ কৰা বৃহৎসংখ্যক ৱাকফ সম্পত্তিৰ ৰাজহক লৈ এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। কিয়নো বিগত বৰ্ষসমূহত ৱাকফ সম্পত্তিৰ নামত যে একপ্ৰকাৰ লুণ্ঠন চলিছিল সেয়া দুটা বৰ্ষত সংগ্ৰহ হোৱা ৰাজহে প্ৰমাণ কৰে। তথ্য অনুসৰি ২০১০-১১ বিত্তীয় বৰ্ষত ফাঁচীবজাৰৰ ৱাকফ সম্পত্তিৰ পৰা ভাৰাৰ বাবদ আহিছে ১,৭১,৬০৮ টকা। একেদৰে ২০১১-১২ বিত্তীয় বৰ্ষত আমানত ধনসহ ৬১,০৮০ টকা, ২০১২-১৩ বিত্তীয় বৰ্ষত ১,২৬,৬৪৭ টকা, ২০১৩-১৪ বিত্তীয় বৰ্ষত ৬৮,৫১২ টকা, ২০১৪-১৫ বিত্তীয় বৰ্ষত ৭৬,৬০০টকা, ২০১৫-১৬ বিত্তীয় বৰ্ষত ৭১,৪০০ টকা, ২০১৬-১৭ বিত্তীয় বৰ্ষত ৯২,৪০০ টকা, ২০১৭-১৮ বিত্তীয় বৰ্ষত আমানত ধনসহ ৬,১৭,৯৯৪ টকা ভাৰা হিচাপত সংগ্ৰহ হয়। সেইদৰে ২০১৮-১৯ বৰ্ষত সংগ্ৰহ হয় ১৪,৬১,৬৯২ টকা আৰু একেদৰে ২০১৯-২০  বৰ্ষত এই ধন ২৮,১৪,৮৫৬ টকালৈ বৃদ্ধি পায়। 

 এই তথ্যৰ পৰাই দেখা যায় যে বহু কোটি টকাৰ সম্পত্তিৰ পৰা নগণ্যসংখ্যক ধন সংগ্ৰহৰ পৰাই স্পষ্ট হয় যে ৱাকফ সম্পত্তিৰ নামত একপ্ৰকাৰ ব্যৱসায় চলিছিল। ২০১৮বৰ্ষত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে নিজাববীয়াকৈ ব’ৰ্ড চলোৱাৰ সময়ত বেংকত জমা আছিল ১৩,৮২,৭৮৮ টকা। বৰ্তমান ব’ৰ্ডৰ খাটাত জমা হৈছে ৫৮,৯৬,৩৮৩.৭৫ টকা। উল্লেখ্য যে ৱাকফ সম্পত্তিক লৈ চলি থকা গোচৰটোত ব’ৰ্ডৰ সপক্ষে ৰায়দান দিয়ে। দীৰ্ঘদিন ধৰি চলি থকা গোচৰটো মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে নেতৃত্ব লৈ অধিবক্তা নিয়োগ কৰি নিজৰ সপক্ষে ৰায়দান আনিবলৈ সক্ষম হয়। পূৰ্বতে ব’ৰ্ডৰ সদস্যই  ৱাকফ সম্পত্তি বেদখলমুক্ত কৰাৰ বাবদ আদালতত অধিবক্তা নিয়োগ কৰি লক্ষ লক্ষ টকা খৰচ কৰিছিল, অথচ এক কঠা মাটিও ব’ৰ্ডৰ অধীনলৈ আনিবলৈ সক্ষম হোৱা নাছিল।

 উল্লেখ্য যে পূৰ্বৰ অধ্যক্ষ নেকিবুৰ জামানে তেওঁৰ এজন গাংগুলী উপাধিৰ এজন জুনিয়ৰক ব’ৰ্ডৰ অধিবক্তা হিচাপে নিয়োগ কৰি থৈ গৈছে। কিন্তু তেওঁ ৱাকফ ব’ৰ্ডৰ মাটি বেদখলমুক্ত কৰাৰ বাবে  বছৰত এদিনো ব’ৰ্ডৰ পক্ষ হৈ আদালতত থিয় হোৱা দেখা নাযায়। অথচ অধিবক্তাজনে ব’ৰ্ডৰ পৰা প্ৰায় ৫ লাখৰো অধিক টকা আদায় লোৱা দেখা যায় আৰু বৰ্তমানলৈকে অধিবক্তাগৰাকীয়ে ব’ৰ্ডৰ পৰা মাহিলি দৰমহা লৈ থকা বুলি জানিব পৰা গৈছে।  যি কি নহওক, ৱাকফ ব’ৰ্ড গঠন নকৰা সত্ত্বেও পূৰ্বৰ তুলনাত বিপুল হাৰত ৰাজহ সংগ্ৰহ হৈছে সেয়া এক শুভলক্ষণ। মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰত্যক্ষ নেতৃত্বত বেদখলৰ কবলত থকা ৱাকফ সম্পত্তিসমূহ ব’ৰ্ডৰ অধীনলৈ আহিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।