Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপথাৰত আন এজন কোবিড আক্ৰান্তৰ মৃত্যু

                                         ফটো : দেৱাশীষ শৰ্মা, সৰুপথাৰ গণ বাৰ্তা, সৰুপথাৰ, ১৩ অক্টোৱৰ : ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰৰ তিনি নং ৱা...

                                         ফটো : দেৱাশীষ শৰ্মা, সৰুপথাৰ

গণ বাৰ্তা, সৰুপথাৰ, ১৩ অক্টোৱৰ : ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰৰ তিনি নং ৱাৰ্ডৰ পুলক কান্তি দে (৪৭) নামৰ এজন লোকৰ কোবিড-১৯ত আক্ৰান্ত হৈ যোৱা নিশা মৃত্যু হয়। জানিব পৰা মতে উক্ত ৰোগবিধত আক্ৰান্ত হৈ লোকজন ঘৰতে আছিল যদিও কালি সন্ধিয়া অসুস্থ হৈ পৰাত নিশা প্ৰায় এক বজাত গোলাঘাটলৈ পৰিয়ালৰ লোকে লৈ গৈছিল যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে। ইপিনে চৰকাৰী এম্বুলেন্স সেৱাৰ গাড়ী কেইবা ঘণ্টাও পলমকৈ উপস্থিত হোৱা বুলি স্থানীয় লোকে অভিযোগ তুলিছে। আনহাতে মৃত পুলকৰ পত্নী আৰু কন্যাৰ শৰীৰটো ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰাত দুয়োকে গোলাঘাটৰ কোবিড চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি প্ৰকাশ। যোৱা কেইটামান দিনতে অঞ্চলটোৰ কোবিড-১৯ত একাধিক লোকৰ মৃত্যু ঘটাত স্থানীয় লোকৰ মাজত কিছু শংকাই দেখা দিছে।


No comments